মাৰ্ঘেৰিটাত আৰক্ষীৰ অভিযানত ২৫০ গ্রাম হেৰ'ইন সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
তিনিচুকিয়া, ০৪ মে’ (হি.স.)। ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। তিনিচুকীয়া জিলাৰ মাৰ্ঘ
ড্ৰাগছ


তিনিচুকিয়া, ০৪ মে’ (হি.স.)। ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ড্ৰাগছ সহ এজনক আটক কৰা হৈছে। নিশা মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া সম্ভাৱী মিশ্ৰৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গোপন সূত্ৰৰ পমখেদি ড্ৰাগছ সহ এজনক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন যুৱক জনক লেখাপানী উদয়পুৰ নিবাসী গোপাল ছেত্ৰী বুলি চিনাক্ত হৈছে ৷

যুৱক জনৰ পৰা আৰক্ষীয়ে ২৫০ গ্রাম নিষিদ্ধ হেৰ’ইন সহ নগদ এঘাৰ হেজাৰ টকা আৰু ড্ৰাগছ জোখা মেচিন জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত ড্ৰাগছৰ মূল্য প্ৰায় তিনি লাখ টকা হ’ব বুলি জানিব পৰা গৈছে। অভিযোগ মতে, ধৃত যুৱক জনে দীৰ্ঘদিন ধৰি মণিপুৰৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি বেহা চলাই আহিছিল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/মনোজ


 rajesh pande