দেৰগাঁৱত নিশা বৃহৎ পৰিমানৰ হেৰ'ইন সহ দুজন যুৱক আটক
গোলাঘাট, ২৫ এপ্রিল ( হি স )। গোলাঘাট জিলাৰ দেৰগাঁৱত বুধবাৰে নিশা বৃহৎ পৰিমানৰ হেৰ’ইন সহ দুজন যুৱক আ
ড্ৰাগছ


গোলাঘাট, ২৫ এপ্রিল ( হি স )। গোলাঘাট জিলাৰ দেৰগাঁৱত বুধবাৰে নিশা বৃহৎ পৰিমানৰ হেৰ’ইন সহ দুজন যুৱক আটক কৰা হৈছে। যোৱা নিশা প্ৰায় ১১ বজাত গোলাঘাটৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত অহা এটা আৰক্ষীৰ বৃহৎ দলে এই সফলতা লাভ কৰে।

দেৰগাঁও আৰক্ষীৰ সহযোগত গোপন সূত্ৰৰ পম খেদি দেৰগাঁৱৰ ৰঙামাটি টোলগেটৰ সমীপত এএছ ০৫ এন ০১৭৫ নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীখনত লুকুৱাই অনা বৃহৎ পৰিমানৰ হেৰ’ইনখিনি জব্দ কৰে। গাড়ীখনত তালাচী চলায় মিউজিক চিষ্টেমৰ বেছ টিউবৰ ভিতৰত কৌশলেৰে ভৰাই অনা ২২টাকৈ পেকেটত দুশ তেষষ্ঠি গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য আনুমানিক প্ৰায় পঞ্চাশ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।

আনহাতে সমান্তৰালভাৱে গাড়ীখনৰ দুই আৰোহী মহম্মদ আলি ওৰফে ফুচু আৰু জিচকেল ছাঁদ নামৰ দুজন যুৱকক আটক কৰে আৰক্ষীৰ দলটোৱে। গোলাঘাটৰ ৰঙাজানৰ পৰা ডিব্ৰুগড় অভিমুখে ড্ৰাগছখিনি যুৱক দুজনে নিয়াৰ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে মহম্মদ আলি নামৰ যুৱকজন পূৰ্বতেও ড্ৰাগছ সৰবৰাহৰ অভিযোগত অভিযুক্ত আছিল বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। বিগত সময়ছোৱাত সমগ্ৰ গোলাঘাট জিলাখনতে বৰবিহ সদৃশ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ে গা কৰি উঠাত চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ।আৰক্ষীৰ এনে সফলতাত এতিয়া সন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে।

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ


 rajesh pande