হাজোত এডুৱেভ সংহত বিদ্যালয়ৰ শুভাৰম্ভ
কামৰূপ, ২৮ মাৰ্চ (হি স)। ছাত্ৰ ছাত্ৰী লৈ আশাৰ বতৰা কঢ়িয়াই হাজোত এডুৱেভ সংহত বিদ্যালয়ৰ শুভাৰম্ভ কৰা
হাজোত এডুৱেভ সংহত বিদ্যালয়ৰ শুভাৰম্ভ


কামৰূপ, ২৮ মাৰ্চ (হি স)। ছাত্ৰ ছাত্ৰী লৈ আশাৰ বতৰা কঢ়িয়াই হাজোত এডুৱেভ সংহত বিদ্যালয়ৰ শুভাৰম্ভ কৰা হৈছে । ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদানৰ ব্য়ৱস্থা আছে।

আই আই টিৰ প্ৰাক্তন ছাত্ৰ দাদুল ইছলামৰ প্ৰচেষ্টাত এডুৱেভ সংহত বিদ্যালয়ৰ শুভাৰম্ভ কৰে। ইয়াত আই আই টিৰ অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। নতুন শিক্ষা নীতি ২০২০ ৰ আধাৰত আই আই টিৰ দক্ষ শিক্ষকৰ দ্বাৰা অসমীয়া আৰু ইংৰাজী মাধ্যমত পৃথকে পৃথকে নীট, জে ই ই তথা প্ৰৱেশ পৰীক্ষাত ছাত্ৰ ছাত্ৰী সকলে অৱতীৰ্ণ হ’ব পাৰিব।

আজি হাজোৰ এডুৱেভ সংহত বিদ্যালয়ৰ পাঠদান কাৰ্যসূচীত বিদ্যালয় খনৰ অধ্যক্ষ ড০ আলি আকবৰ হুছেইন, আই আই টিৰ চফ্টৱেৰ ইঞ্জিনিয়াৰ কেস্তভ বাৰ্মা, সমুজ্জল চহৰীয়া, প্ৰাণজিৎ ভড়ালী, অৱসৰপ্ৰাপ্ত শিক্ষক ইছলামুদ্দিন আহমেদৰ লগতে হাজো সমষ্টিৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande