সোণাৰিত নিশা ধুমুহাৰ তাণ্ডৱ, তচনচ কৰিলে বহু পৰিয়ালৰ বাসগৃহ
চৰাইদেউ, ২৮ এপ্রিল ( হি স )। ৰাজ্যৰ ভিন্ন প্ৰান্তত নিশা ধুমুহা–শিলাবৃষ্টিয়ে তাণ্ডৱ চলায়। চৰাইদেউ জিল
সোণাৰিত নিশা ধুমুহাৰ তাণ্ডৱ, তচনচ কৰিলে বহু পৰিয়ালৰ বাসগৃহ।


চৰাইদেউ, ২৮ এপ্রিল ( হি স )। ৰাজ্যৰ ভিন্ন প্ৰান্তত নিশা ধুমুহা–শিলাবৃষ্টিয়ে তাণ্ডৱ চলায়। চৰাইদেউ জিলাৰ সোণাৰিত যোৱা নিশা ধুমুহাই তাণ্ডৱ চলায়। ধুমুহাই তচনচ কৰিলে বহু পৰিয়ালৰ বাসগৃহ। সোণাৰিত ধুমুহাৰ ফলত পথত চলন্ত বাহনৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ। অৱশ্য়ে কথমপি প্ৰাণ ৰক্ষা পৰে আৰোহীসকলৰ। ইফালে ধুমুহাত গছ–গছনি পথৰ ওপৰত ভাঙি পৰাত আৱদ্ধ হৈ পৰে যান-বাহনসমূহ।

ইয়াৰ উপৰিও ঠায়ে ঠায়ে গছ উভালি পৰাৰ ফলত বিস্তৰ ক্ষতিসাধন হয়। বিভিন্ন স্থানত বিদ্যুতৰ খুটা, তাঁৰ চিগি যোৱাৰ ফলত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান। নিশা ধুমুহাই তচনচ কৰিলে বহু পৰিয়ালৰ বাসগৃহ। বহু পৰিয়ালৰ বাসগৃহৰ টিনপাত উৰুৱাই নিয়াৰ লগতে বহু লোকৰ বাসগৃহ তচনচ কৰি নিয়ে প্ৰচণ্ড ধুমুহাই।

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ


 rajesh pande