ৰঙালী বিহু উপলক্ষে বোকাখাতত থলুৱা শিপিনীৰ দ্বাৰা উৎপাদিত 'গামোচা মেলা'
গোলাঘাট, ২৮ মাৰ্চ (হি স)। ৰঙালী বিহু উপলক্ষে বোকাখাতত থলুৱা শিপিনীৰ দ্বাৰা উৎপাদিত ‘গামোচা মেলা’ৰ
ৰঙালী বিহু উপলক্ষে বোকাখাতত থলুৱা শিপিনীৰ দ্বাৰা উৎপাদিত 'গামোচা মেলা'


গোলাঘাট, ২৮ মাৰ্চ (হি স)। ৰঙালী বিহু উপলক্ষে বোকাখাতত থলুৱা শিপিনীৰ দ্বাৰা উৎপাদিত ‘গামোচা মেলা’ৰ আয়োজন কৰা হৈছে ৷ বোকাখাত হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে এই গামোচা মেলা ৷

অসম চৰকাৰৰ অভিলাসী আঁচনি স্বনিৰ্ভৰ নাৰী ৰ অধীনত গোলাঘাট জিলাৰ ১৬ হাজাৰ শিপিনীয়ে পঞ্জীয়ন কৰিছিল ৷ সেই শিপিনী সকলৰ পৰা সংগ্ৰহ কৰা বহু হাজাৰ গামোচা এতিয়া হস্ততাঁত বস্ত্ৰশিল্প বিভাগে গোলাঘাট জিলাৰ বিভিন্ন স্থানত বিক্ৰী কেন্দ্ৰ খুলি থলুৱা শিপিনীৰ উৎপাদিত গামোচা মেলা নামেৰে এলানি বিক্ৰী কেন্দ্ৰত উপলব্ধ কৰোৱাইছে গামোচা ৷ বিভিন্ন জোখ আৰু ডিজাইনৰ উপযোগি গামোচা সমূহ বজাৰত উপলব্ধ হোৱা গামোচাতকৈ যথেষ্ট কম মুল্যৰ ৷

অসম চৰকাৰে পাৱাৰলোমৰ গামোচাৰ প্ৰয়োভৱ কমাবৰ বাবে কৰা প্ৰয়াসক জনসাধাৰণে সহযোগিতা প্ৰদান কৰিলে এদিন থলুৱা গামোচাৰে ভৰি পৰিব অসম ৷ ৰঙালীৰ বতৰত সকলোৰে প্ৰয়োজনীয় থলুৱা শিপিনীৰ উৎপাদিত গামোচা ক্ৰয় কৰি শিপিনী সকলক সকাহ দিয়াৰ লগতে পাৱাৰলোমৰ গামোচা পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে বিভাগীয় বিষয়া জয়দ্বীপ বৰাই ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande