৩০০ বস্তা সন্দেহজনক বাৰ্মিজ ছুপাৰি জব্দ লামডিং জংছনত
হোজাই, ২৮ এপ্ৰিল(হি.স.)। প্ৰায় ২৫ লাখ টকাৰো অধিক মূল্যৰ ৩০০ বস্তা সন্দেহজনক বাৰ্মিজ ছুপাৰি কালি নিশ
৩০০ বস্তা সন্দেহজনক বাৰ্মিজ ছুপাৰি জব্দ লামডিং জংছনত


হোজাই, ২৮ এপ্ৰিল(হি.স.)। প্ৰায় ২৫ লাখ টকাৰো অধিক মূল্যৰ ৩০০ বস্তা সন্দেহজনক বাৰ্মিজ ছুপাৰি কালি নিশা জব্দ কৰে লামডিং জংছনত। এচি কক্ষত বহি থকা একাংশ ৰেল বিষয়াৰ চকুত ধূলি মাৰি ৰেলযোগে বাৰ্মিজ চুপাৰীৰ এতিয়া ৰমৰমীয়া সৰৱৰাহ ৷ লামডিং ৰেলৱে জংচনত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি৷ ডিমাপুৰৰ পৰা প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহি•ৰাজ্যলৈও সৰৱৰাহ হৈ আছে বাৰ্মিজ চুপাৰীৰ চিণ্ডিকেট। ডিমাপুৰৰ পৰা ভাৰতীয় ৰেলৰ লগতে ৰাষ্ট্ৰীয় ঘাই পথেৰেও সৰৱাহ কৰি আহিছে বাৰ্মিজ চুপাৰীৰ কলা ব্যৱসায়৷ লামডিং আৰক্ষী আৰু লামডিং ৰেল আৰক্ষী জিআৰপি ৰ যৌথ অভিযানত লামডিঙ জংচনত কালি নিশা জব্দ কৰিছে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী। নামনিমুৱা ১৫৯০৯ অৱধ আসাম এস্কপ্ৰেছ ৰেলখনৰ পাৰ্চেল ডবাত আহিছিল চুপাৰীখিনি৷

আৰক্ষীয়ে প্ৰায় ৩০০ বস্তা সন্দেহজনক বাৰ্মিজ চুপাৰী জব্দ কৰে৷ প্ৰায় ১০০ কুইন্টলৰো অধিক চুপাৰী জব্দ কৰিছে লামডিং থানাৰ আৰক্ষী তথা জিআৰপি য়ে। জব্দ কৰা চুপাৰীখিনৰ বজাৰ মূল্য ২৫ লাখ টকাৰো অধিক হ'ব বুলি জানিব পৰা গৈছে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande