বৰপেটাত বাওপন্থী দল এছ ইউ চি আই''ৰ প্ৰাৰ্থী ডাঃ চিত্ৰলেখা দাসৰ নিৰ্বাচনী প্ৰচাৰ
বৰপেটা, ২৮ এপ্ৰিল (হি.স.)। বৰপেটাত বাওপন্থী দল এছ ইউ চি আই''ৰ প্ৰাৰ্থী ডাঃ চিত্ৰলেখা দাসৰ নিৰ্বাচনী
বৰপেটাত বাওপন্থী দল এছ ইউ চি আই''ৰ প্ৰাৰ্থী ডাঃ চিত্ৰলেখা দাসৰ নিৰ্বাচনী প্ৰচাৰ


বৰপেটা, ২৮ এপ্ৰিল (হি.স.)। বৰপেটাত বাওপন্থী দল এছ ইউ চি আই''ৰ প্ৰাৰ্থী ডাঃ চিত্ৰলেখা দাসৰ নিৰ্বাচনী প্ৰচাৰ ৷ সৰু সৰু পথ সভাৰে ভোটাৰৰ মনোযোগ আকৰ্ষণৰ চেষ্টা এছ ইউ চি আই দলৰ প্ৰাৰ্থী ডাঃ চিত্ৰলেখা দাসৰ ৷

প্ৰকৃত মাৰ্ক্সবাদ আৰু লেনিনবাদত বিশ্বাসী দল হিচাপে বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচনী যুঁজত নমা এছ ইউ চি আই দলৰ প্ৰাৰ্থী ডাঃ চিত্ৰলেখা দাস অৱসৰপ্ৰাপ্ত চিকিৎসা বিষয়া তথা চিকিৎসক ৷ সমাজ পৰিৱৰ্তন আৰু মেহনতী মানুহৰ অভাৱ অভিযোগ আৰু সমস্যাৰ হকে সংসদৰ মজিয়াত মাত মতাৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী যুঁজত নমা বাওঁপন্থী দল এছ ইউ চি আই''ৰ প্ৰাৰ্থী গৰাকীয়ে চি পি আই এম দলকো তীব্ৰ সমালোচনা কৰে ৷ বিশেষকৈ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাক লৈ নাৰাজ এছ ইউ চি আই দলৰ প্ৰাৰ্থী গৰাকীয়ে চিপিআইএমক প্ৰকৃত বাওপন্থী নহয় বুলিও সমালোচনা কৰে ৷

এছ ইউ চি আই দলৰ প্ৰাৰ্থী ডাঃ চিত্ৰলেখা দাসক টৰ্চ লাইটৰ ছবিত ভোট প্ৰদান কৰি তেওক নিৰ্বাচিত কৰাৰ বাবে ৰাইজলৈ আহ্বান জনাইছে । প্ৰাৰ্থীগৰাকীৰ দাবী- এছ ইউ চি আই দল প্ৰকৃত মাৰ্ক্সবাদী আদৰ্শত অনুপ্ৰাণিত বাবেই আনকি তেওলোকৰ দলৰ সদস্য সকলৰ ব্যক্তিগত কোনো সম্পত্তি নাথাকে বুলিও দাবী কৰে ডাঃ চিত্ৰলেখা দাসে ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande