ডিমাপুৰ চেম্বাৰ অফ কমাৰ্চৰ আহ্বানত ডিমাপুৰ বন্ধ
কাৰ্বি আংলং, ২৮ এপ্ৰিল (হি.স.)। ডিমাপুৰ সম্পূৰ্ণৰূপে বন্ধ। ডিমাপুৰৰ চেম্বাৰ অফ কমাৰ্চৰ এই বন্ধ ঘোষণা
ডিমাপুৰ চেম্বাৰ অফ কমাৰ্চৰ আহ্বানত ডিমাপুৰ বন্ধ


কাৰ্বি আংলং, ২৮ এপ্ৰিল (হি.স.)। ডিমাপুৰ সম্পূৰ্ণৰূপে বন্ধ। ডিমাপুৰৰ চেম্বাৰ অফ কমাৰ্চৰ এই বন্ধ ঘোষণা ।জানিব পৰা অনুসৰি অনিৰ্দ্দিষ্ট কাললৈ ডিমাপুৰ বন্ধ ঘোষণা ডিমাপুৰৰ চেম্বাৰ অফ কমাৰ্চৰ বন্ধ ঘোষণা । ডিমাপুৰ বন্ধৰ ফলত অসম নাগালেণ্ড সীমান্তৰ খটখটি আৰু বোকাজানৰ পেট্ৰল পাম্পত পূৱাৰে পৰা ভিৰ কৰিছেহি ডিমাপুৰৰ বাহনে।

নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ দ্বাৰা ব্যৱসায়িক সকলৰ পৰা অধিক মাত্ৰাত কৰ সংগ্ৰহৰ বাবে চেম্বাৰ অফ কমাৰ্চৰ এই বন্ধৰ ঘোষণা কৰিছে বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে। ডিমাপুৰত বৰ্তমান দোকান বজাৰ পেট্ৰল পাম্প আদি সকলো একপ্ৰকাৰ বন্ধ হৈ পৰিছে। এইক্ষেত্ৰত স্থানীয় লোক সকলৰ বাহন সমূহেও পেট্ৰল ডিজেল ভৰোৱাত বহু অসুবিধাৰ সন্মূখীন হোৱা পৰিলক্ষিত হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande