চাপৰৰ ৰঙামাটিত নৃশংস হত্যাকাণ্ড
ধুবুৰী, ২৭ মাৰ্চ (হি.স.): ধুবুৰী জিলাৰ চাপৰৰ ৰঙামাটিত যোৱাকালি নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়।
হত্য়া


ধুবুৰী, ২৭ মাৰ্চ (হি.স.): ধুবুৰী জিলাৰ চাপৰৰ ৰঙামাটিত যোৱাকালি নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। নিজ পত্নীক দা'ৰে ঘপিয়াই নৃশংসভাবে হত্যা কৰে স্বামীয়ে। ৰঙামাটিৰ জুগলিকান্দাত সংঘটিত হয় এই হত্যাকাণ্ড।

মৃত মহিলা গৰাকীৰ নাম নাজমিন বুলি জানিব পৰা গৈছে। হত্যাকাৰী স্বামী ছামিনুল ৰহমানে কিয় নিজ পত্নীক হত্যা কৰে এয়াও এতিয়া লৈ পোহৰ লৈ অহা নাই। ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। পত্নীক নৃশংস ভাবে হত্যা কৰা স্বামীক অৱশেষত চাপৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। এক ঘণ্টা পাৰ নহওঁতেই চাপৰ আৰক্ষীয়ে ঘন জংঘলৰ পৰা আটক কৰে ধৃত ব্যক্তি গৰাকীকগৰাকীক।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande