বৰপেটা জিলাৰ সৰ্থেবাৰী বৰ কাপালা গাঁৱত দিন দুপৰতে চোৰৰ চাফাই অভিযান
বৰপেটা, ২২ এপ্ৰিল (হি.স.): বৰপেটা জিলাৰ সৰ্থেবাৰী বৰ কাপালা গাঁৱত দিন দুপৰতে চুৰি কাণ্ড সংঘটিত হয়। ঘ
চোৰ


বৰপেটা, ২২ এপ্ৰিল (হি.স.): বৰপেটা জিলাৰ সৰ্থেবাৰী বৰ কাপালা গাঁৱত দিন দুপৰতে চুৰি কাণ্ড সংঘটিত হয়। ঘৰত কোনো নথকাৰ সুযোগলৈ চোৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি এফালৰ পৰা সা-সামগ্ৰী লুট কৰি নিয়ে। আজি দুপৰীয়া সৰ্থেবাৰী বৰকাপলা গাঁৱত চুৰি কাণ্ড সংঘটিত হয়।

জানিব পৰা মতে, বৰ কাপলা গাঁৱৰ ধনঞ্জয় নাথৰ ঘৰত আজি কোনো লোক নাছিল। এই সুযোগ গ্ৰহণ কৰি চোৰৰ দলে দিন-দুপৰতে তলা ভাঙি ঘৰত প্ৰবেশ কৰে। চোৰৰ দলটোৱে আলমিৰা ভাঙি সোণ-ৰূপৰ আ-অলংকাৰ, নগদ ধনকে ধৰি প্ৰায় কেবা লক্ষাধিক টকাৰ সা-সামগ্ৰী লুট কৰি নিয়ে। আজি সংঘটিত হোৱা চুৰিকাণ্ডই সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande