নগাঁও ননৈ ঠেংকুছি গাঁৱত বিলাসী বাহনসহ ধৃত গৰু চোৰ
নগাঁও, ২৬ মাৰ্চ (হি.স.): নগাঁও জিলাৰ ননৈ ঠেংকুছি গাঁৱত যোৱাকালি সোমবাৰে সন্ধিয়া বিলাসী বাহনসহ দুটা
নগাঁও ননৈ ঠেংকুছি গাঁৱত বিলাসী বাহনসহ ধৃত গৰু চোৰ


নগাঁও, ২৬ মাৰ্চ (হি.স.): নগাঁও জিলাৰ ননৈ ঠেংকুছি গাঁৱত যোৱাকালি সোমবাৰে সন্ধিয়া বিলাসী বাহনসহ দুটা গৰু চোৰ কৰায়ত্ত কৰা হয়। গৰু চুৰি কৰিবলৈ অহা দুখন বিলাসী বাহন দুৰ্ঘটনাত পতিত হয়।

ইয়াৰ পিছত ছয়জনীয়া গৰু চোৰৰ দলটোৰ চাৰিটাই পলায়ন কৰে যদিও দুটাক গাঁৱৰ ৰাইজে আটক কৰিবলৈ সক্ষম হয়। আটকাধীন চোৰ দুটাক উত্তম মাধ্যম সোধায় গাঁওবাসীয়ে আৰক্ষীক সমজায় দিয়ে। ধৃত গৰু চোৰ দুটা চামগুৰি সোণাইবালিৰ মুক্তাচ আলি আৰু জহিৰুল ইছলাম বুলি পৰিচয় পোৱা গৈছে।দুৰ্ঘটনাটোত পতিত হোৱা বাহন দুখনৰ নম্বৰ ক্ৰমে এএছ ০২ ২৬৫৫ আৰু এএছ ০২ এল ৮৫৮২ বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ মনোজ


 rajesh pande