নগাঁৱত ৮৬ লাখ টকাৰ ড্ৰাগছ জব্দ
নগাঁও, ২৬ মাৰ্চ (হি.স.): নগাঁৱত ৮৬ লাখ টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। এই সন্দৰ্ভত দুটা ড্ৰাগছ মাফিয়া ধৰ
নগাঁৱত ৮৬ লাখ টকাৰ ড্ৰাগছ জব্দ


নগাঁও, ২৬ মাৰ্চ (হি.স.): নগাঁৱত ৮৬ লাখ টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। এই সন্দৰ্ভত দুটা ড্ৰাগছ মাফিয়া ধৰা পৰে। আনহাতে আন এটা পলাতক অৱস্থাত আছে।

এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে বিয়লি নগাঁও আৰক্ষীয়ে নগাঁও কলেজৰ সমিপৰ চাৰিআলিত জব্দ কৰে ড্ৰাগছ খিনি। আনাৰুল ইছলাম আৰু ময়নুদ্দিন আহমেদ নামৰ দুটা সৰবৰাহকাৰীকো আটক কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে এএছ ০২ এজনে ০১৭০ নম্বৰৰ এখন ছুইফট ডিজায়াৰত এই বৃহৎ পৰিমানৰ ড্ৰাগছ খিনি ডিমাপুৰৰ পৰা নগাঁৱলৈ আনিছিল ড্ৰাগছ সৰবৰাহকাৰীয়ে। ইফালে পলাতক ড্ৰাগছ সৰবৰাহকাৰীৰটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে। ড্ৰাগছ মাফিয়া কেইটাৰ ঘৰ ডবকাত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande