নগাঁও, ৩১ ডিচেম্বৰ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ জৰাথনিত প্ৰাণৰ শংকাত ভূগিছে এটি পৰিয়াল। মাটি বাৰীক কেন্দ্ৰকৰি আদালতত চলি থকা গোচৰৰ বাবেই পৰিয়ালটোক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে ।
দিন দুপৰতে হাতত চোকা অস্ত্ৰলৈ ছাইফুল ইছলামৰ পৰিয়ালক মুকলি ভাবুকি প্ৰদান কৰাৰ অভিযোগ চুলমান আলী নামৰ লোকজনৰ বিৰুদ্ধে । ছাইফুল ইছলামৰ কণিষ্ঠ ভাতৃ হাসমত আলী বিদ্যালয়লৈ অহা যোৱাতো বাধা প্ৰদান কৰাৰ অভিযোগ উঠিছে। চোলমান আলীৰ পৰিয়ালৰ সন্ত্ৰাসত আতংকিত হৈ পৰা ছাইফুল ইছলামৰ পৰিয়াল এক প্ৰকাৰে পণবন্দী হৈ আছে । প্ৰাণৰ শংকাত ভূগি থকা ছাইফুল ইছলামৰ অকলশৰীয়া পৰিয়ালটোৱে সমগ্ৰ ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে বিষয়টো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ