উৎকোচ গ্ৰহণ কৰা অভিযোগত বজালীত ভূমি অভিলেখ সহায়কক গ্ৰেপ্তাৰ     
বৰপেটা, ৩০ ডিচেম্বৰ (হি.স.)। বজালী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ভূমি অভিলেখ সহায়ক দনেশ্বৰ দৈমাৰী ভূমি বিভাজন বিষয় সন্দৰ্ভত ক্ষেত্ৰ ভ্ৰমণৰ বাবে অভিযোগকাৰীৰ পৰা উৎকোচ হিচাপে ২,০০০ টকা দাবী কৰা বুলি ৰাজ্যৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়
উৎকোচ গ্ৰহণ কৰা অভিযোগত বজালীত ভূমি অভিলেখ সহায়কক গ্ৰেপ্তাৰ     


বৰপেটা, ৩০ ডিচেম্বৰ (হি.স.)। বজালী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ভূমি অভিলেখ সহায়ক দনেশ্বৰ দৈমাৰী ভূমি বিভাজন বিষয় সন্দৰ্ভত ক্ষেত্ৰ ভ্ৰমণৰ বাবে অভিযোগকাৰীৰ পৰা উৎকোচ হিচাপে ২,০০০ টকা দাবী কৰা বুলি ৰাজ্যৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে এখন এজাহাৰ লাভ কৰে।

উৎকোচ দিবলৈ অনিচ্ছুক হৈ অভিযোগকাৰীয়ে উক্ত ৰাজহুৱা কৰ্মচাৰীজনৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সঞ্চালকালয়ৰ কাষ চাপিছিল। সেই অনুসৰি আজি ইংৰাজী ৩০ ডিচেম্বৰ তাৰিখে অসমৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে বজালী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত গোপনে বিষয়া জনক নিৰিক্ষণত ৰাখিছিল। ভূমি অভিলেখ সহায়ক দনেশ্বৰ দৈমাৰীয়ে ২,০০০টকা (মাত্ৰ দুহাজাৰ টকা) টকা অভিযোগকাৰীৰ পৰা গ্ৰহণ কৰাৰ লগে লগে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ দলটোৰ হাতত হাতেলোটে আটক হব লগা হয়। উৎকোচৰ ধন তেওঁৰ হাতৰ পৰা উদ্ধাৰ কৰি আইন অনুসৰি স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত জব্দ কৰা হৈছে।

অভিযুক্ত ৰাজহুৱা সেৱকজনৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ পোৱাৰ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰিছে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়, অসমৰ দলে। এই সন্দৰ্ভত ৩০ ডিচেম্বৰ তাৰিখে এচিবি থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত) ধাৰা ৭(ক)ৰ অধীনত গোচৰ নং ১০৯/২০২৪ত ত গোচৰ ৰজু কৰা হৈছে। প্ৰয়োজনীয় আইনী ব্যৱস্থা অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande