তামাৰহাটৰ গঙ্গাধৰ নৈত অবৈধ খননৰ প্ৰতিবাদ
ধুবুৰী, ২৬ ডিচেম্বৰ (হি.স.)। তামাৰহাটৰ গঙ্গাধৰ নৈত অবৈধ খননৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাইজ । খহনীয়াৰ আশংকা কৰিয়েই ৰাইজে তামাৰহাটত উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে। ৰাইজে বন্ধ কৰি দিলে ডাম্পাৰ চলাচল কৰা পথ । নদীৰ বালি মাটি কাটি ৰাষ্ট্ৰীয় পথ নিৰ্ম
তামাৰহাটৰ গঙ্গাধৰ নৈত অবৈধ খননৰ প্ৰতিবাদ


ধুবুৰী, ২৬ ডিচেম্বৰ (হি.স.)। তামাৰহাটৰ গঙ্গাধৰ নৈত অবৈধ খননৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাইজ । খহনীয়াৰ আশংকা কৰিয়েই ৰাইজে তামাৰহাটত উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে। ৰাইজে বন্ধ কৰি দিলে ডাম্পাৰ চলাচল কৰা পথ ।

নদীৰ বালি মাটি কাটি ৰাষ্ট্ৰীয় পথ নিৰ্মাণ বিদেশী সংস্থাৰশ্ৰীৰামপুৰৰ পৰা ধুবুৰীৰ ফুলবাৰী লৈ নিৰ্মাণ হৈ আছে ১২৭ নম্বৰ (বি) ৰাষ্ট্ৰীয় পথ। উক্ত পথৰ কুমাৰগঞ্জৰ পৰা তামাৰহাট লৈ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় পথৰ কাম। কামৰ ঠিকা লাভ কৰে বহি:ৰাজ্যৰ jandu construction India pvt limited নামৰ নিৰ্মাণকাৰী সংস্থাই । ৰাষ্ট্ৰীয় নিৰ্মাণ কাৰী সংস্থাই ৰাষ্ট্ৰীয় পথ নিৰ্মাণ কৰিবলৈ গৈ ধুবুৰী জিলাৰ গোলকগঞ্জ ৰাজহ চক্ৰৰ মধ্য পেটলা আৰু ভাটি পেটলা গাঁৱৰ পৰা বালি মাটি কাটি ৰাষ্ট্ৰীয় পথত নিছে । দিনে নিশাই বালি মাটি নিয়াত পুনৰ গাঁওখন লৈ খহনীয়া হব সেয়া নিশ্চিত । ৰাইজে জান্দু কোম্পানীক এই ক্ষেত্ৰত বাধা দিয়াৰ পিছতো গুৰুত্ব নিদিয়াত আজি ৰাইজে পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande