(আপডেট)নাজিৰাৰ লক্ষ্মীজানৰ বৰশিলতো ভীৰ কৰিছে বনভোজৰ দলে
শিৱসাগৰ,২৬ ডিচেম্বৰ (হি.স.)। বৰ্তমান বনভোজৰ বতৰ। ২০২৪ক বিদায় দি ২০২৫ক আদৰিবলৈ বৃহৎ প্ৰস্ততি ৰাজ্যবাসীৰ৷ প্ৰকৃতিৰ বুকুত লগে ভাগে এসাজ খাবলৈ বুলি ওলাই আহিছে সকলো। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নাজিৰাৰ লক্ষ্মীজানৰ বৰশিলতো ভীৰ কৰিছে বনভোজৰ দলে। বশিষ্ট গং
এতিয়া বনভোজৰ বতৰ। ২০২৪ক বিদায় দি ২০২৫ক আদৰিবলৈ বৃহৎ প্ৰস্ততি ৰাজ্যবাসীৰ ৷


শিৱসাগৰ,২৬ ডিচেম্বৰ (হি.স.)। বৰ্তমান বনভোজৰ বতৰ। ২০২৪ক বিদায় দি ২০২৫ক আদৰিবলৈ বৃহৎ প্ৰস্ততি ৰাজ্যবাসীৰ৷ প্ৰকৃতিৰ বুকুত লগে ভাগে এসাজ খাবলৈ বুলি ওলাই আহিছে সকলো। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নাজিৰাৰ লক্ষ্মীজানৰ বৰশিলতো ভীৰ কৰিছে বনভোজৰ দলে। বশিষ্ট গংগা খ্যাত দিখৌ নদী পাৰত বালিচৰত বনভোজ খাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বনভোজৰ দ’ল।

এফালে নগাপাহাৰৰ ওখ ওখ টিলা আনফালে দিখৌ নদীৰ শিলৰ মাজেৰে বৈ অহা জুৰিৰ মনোৰম সৌন্দয্য৷ বৰশিলৰ সৌন্দয্য উপভোগ কৰিবলৈ আহে দেশীবিদেশী পৰ্যটক৷ একাংশ অসাধু লোকে ঐতিহাসিক বৰশিলত একালত গোপনে খনন কায্য চলাই আহিছিল যদিও বৰ্তমানৰ সংৰক্ষণ সমিতিৰ তিক্ষ্ণ দৃষ্টিৰ বাবে ৩ ৰ পৰা ৪ শ মিটাৰৰো অধিক স্থানৰ ভূমি সংৰক্ষন আৰু সংবৰ্দ্ধন কাৰি ৰাখিছে বৰশিল সংৰক্ষন সমিতিয়ে৷

বছৰটোৰ শেষত একেলগে এসাজ খাবলৈ ওলাই আহিছে সকলো। বনভোজস্থলীত নাচি বাগি নতুন বছৰটোক যেন এক প্ৰকাৰ আদৰণিহে । কোনোবাই যদি ফটো উঠাত ব্যস্ত কোনোবা আকৌ ৰন্ধা-বঢ়াত। তাৰ মাজতে ভীৰৰ পৰা কিছু আতৰি গৈ প্ৰকৃতিৰ আমেজ লোৱাত ব্যস্ত কোনোজন। বৰশিল সংৰক্ষন সমিতিয়ে ৰাইজৰ বাবে মুকলি কৰিলে বনভোজস্থলী৷

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande