কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হল আন্তঃজিলা মাষ্টাৰ্ছ এথলেটিক চেম্পিয়নশ্বিপ 
কোকৰাঝাৰ, ২৭ ডিচেম্বৰ (হি.স.)। কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হল আন্তঃজিলা মাষ্টাৰ্ছ এথলেটিক চেম্পিয়নশ্বিপ ৷ আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৩০ সংখ্যক আন্তঃজিলা মাষ্টাৰ্ছ এথলেটিক চেম্পিয়নশ্বিপ। ৩২খন ক্ৰীড়া জিলাৰ ১২০০ৰো অধি
কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হল আন্তঃজিলা মাষ্টাৰ্ছ এথলেটিক চেম্পিয়নশ্বিপ 


কোকৰাঝাৰ, ২৭ ডিচেম্বৰ (হি.স.)। কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হল আন্তঃজিলা মাষ্টাৰ্ছ এথলেটিক চেম্পিয়নশ্বিপ ৷ আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৩০ সংখ্যক আন্তঃজিলা মাষ্টাৰ্ছ এথলেটিক চেম্পিয়নশ্বিপ।

৩২খন ক্ৰীড়া জিলাৰ ১২০০ৰো অধিক জ্যেষ্ঠ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাখনত। প্ৰতিযোগিতাখনিত ৩৫ বছৰৰ পৰা ৯৫ বছৰীয়া প্ৰবীণ প্ৰতিযোগিয়ে কৰিছে অংশগ্ৰহণ। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। খেল উদ্বোধন কৰি কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ মন্তব্য…প্ৰবীণ খেলুৱৈয়ে জীৱনৰ সকলো প্ৰত্যাহ্বানক জয়ী কৰিছে। ইয়াৰ পৰাই নিৰ্বাচিত প্ৰবীণ খেলুৱৈ ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত যাব। প্ৰতিযোগিতাখনিয়ে কোকৰাঝাৰৰ লগতে সমগ্ৰ বিটিআৰত ক্ৰীড়াৰ এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিব। অনুষ্ঠানত উপস্থিত আছিল বিধায়ক লৰেন্স ইছলাৰীয়েও। বিধায়ক লৰেন্স ইছলাৰীয়ে কয় যে প্ৰতিযোগিতাখনিত ৯০ আৰু ৯৫ বছৰীয়া খেলুৱৈয়েও অংশগ্ৰহণ কৰিছে। ১২ টা শাখাত অনুষ্ঠিত হ'ব খেলসমুহ ।

আনহাতে সদৌ অসম মাষ্টাৰ্ছ এথলেটিক সন্থাৰ সভাপতি মাগুৰাম বালাৰীয়ে প্ৰতিযোগিতা সন্দৰ্ভত কয়, খেলে বৃদ্ধ বয়সতো দেহক সুস্থ্য আৰু সবল কৰি ৰখাত সহায় কৰে । খেল হ'ল অনুপ্ৰেৰণা যোগোৱা এক মাধ্যম । প্ৰতিযোগিতাখনি সফলভাৱে সমাপ্তি হ'ব বুলি আশা কৰিছে মাগুৰাম বালাৰীয়ে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande