বিহালী বন-বিভাগৰ বেদেতী বিটৰ সফলতা: চোৰাং চিকাৰীৰ কবলৰ পৰা বন্দুক উদ্ধাৰ
বিহালী বন-বিভাগৰ বেদেতী বিটৰ সফলতা:চোৰাং চিকাৰীৰ কবলৰ পৰা বন্ধুক উদ্ধাৰ। 
বিহালী বন-বিভাগৰ বেদেতী বিটৰ সফলতা: চোৰাং চিকাৰীৰ কবলৰ পৰা বন্দুক উদ্ধাৰ


বিশ্বনাথ, ২৮ ডিচেম্বৰ (হি.স.): বিশ্বনাথৰ বিহালী বন-বিভাগৰ বেদেতী বিটৰ বন-কৰ্মীয়ে যোৱাকালি শুকুৰবাৰে বিয়লি বিহালী অভয়াৰণ্যৰ অৰুণাচল সীমান্তৱৰ্তীত অভূতপূৰ্ব সফলতাৰে চোৰাং চিকাৰী কৱলত পৰা এটা বন্দুক উদ্ধাৰ কৰে। নিয়মিত ভাবে তহল দিয়াৰ দৰে যোৱা কালিও সম্ভাৱ্য অঞ্চলত বন-পালক ক্ৰমে-সঞ্জীৱ নাথ আৰু মনেশ্বৰ গামে বিয়লি সতীৰ্থসহ অভয়াৰণ্যখনত টহল দি থকা মুহূৰ্তত বিয়লি বনাঞ্চলৰ ভিতৰত কোনো লোকৰ অৱস্থিতিৰ উমান পাই, পম খেদি যোৱাত দুজন লোকৰ মুখা-মুখি হয়।

বন কৰ্মী সকলে দুয়োকে ৰ'বলৈ নিৰ্দেশ দিয়াত লোক দুজনে নিৰ্দেশ নামানি পলাই যাবলৈ চেষ্টা কৰাত বন কৰ্মী সকলে এক জাই গুলি শূণ্যলৈ চালনা কৰে। ফলত দলটিয়ে লগত নিয়া সামগ্ৰী পেলাই পলায়ন কৰে। পিছত বন কৰ্মীসকলে এটা বন্দুক আৰু তিনিবাটেৰী ট'ৰ্চ এটা উদ্ধাৰ কৰে । বিহালীৰ বৰগাং বনাঞ্চলিক বিষয়া চন্দন ৰাজখোৱাই জানিব দিয়া মতে-দলটি অৰুণাচলী চোৰাং চিকাৰী আছিল বুলি সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখি বনাঞ্চল সমূহত কটকটীয়া ব্যৱস্থা কৰা দেখা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande