গুৱাহাটীত বিটিআৰৰ ভিজন ডকুমেণ্ট উন্মোচনী অনুষ্ঠান
কোকৰাঝাৰ, ২৮ ডিচেম্বৰ (হি.স.)। অহা ৩০ ডিচেম্বৰৰ পুৱা ১১ বজাত গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ চেণ্টাৰত বিটিআৰৰ ২৬টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হ'ব। অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্য অতিথি হিচাপে উপস্থ
গুৱাহাটীত বিটিআৰৰ ভিজন ডকুমেণ্ট উন্মোচনী অনুষ্ঠান


কোকৰাঝাৰ, ২৮ ডিচেম্বৰ (হি.স.)। অহা ৩০ ডিচেম্বৰৰ পুৱা ১১ বজাত গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ চেণ্টাৰত বিটিআৰৰ ২৬টা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হ'ব। অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটিত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু অসমৰ কেবিনেট মন্ত্ৰীসকলৰ উপৰি বিটিচিৰ কাৰ্যবাহী সদস্যসকলৰ লগতে পাৰিষদসকল আৰু অন্যান্য সন্মানিত ব্যক্তিসকলো উপস্থিত থাকিব।

বিটিচি চৰকাৰৰ এই পদক্ষেপৰ মূল লক্ষ্য হৈছে সমগ্ৰ অঞ্চলটোত সৰ্বাংগীন উন্নয়ন, ঐক্য আৰু সকলো দিশতে সবলীকৰণক লাভান্বিত কৰা। অনুষ্ঠানটিত যিকেইটা জনগোষ্ঠীৰ ভিজন ডকুমেণ্ট উন্মোচন কৰা হ'ব, সেই জনগোষ্ঠীসমূহ হৈছে--- ​গাৰো, ৰাভা, হাজং, মদাহি কছাৰী, বৰ্মন মাণ্ডাই, বৰ্মন কছাৰী, নাথ যোগী, সূত্ৰধৰ, কেওট, গৰীয়া, বড়ো, কলিতা, হিন্দীভাষী, গোৰ্খা, শৰণীয়া কছাৰী, কোচ ৰাজবংশী, মুছলিম, আদিবাসী, চাওঁতাল, কুৰুখ, মুণ্ডা, ওড়িয়া, দেশী, জলহা আৰু বঙালী। উল্লেখ্য যে বঙালী সম্প্ৰদায়ৰ ভিতৰত নমঃশূদ্ৰ, কৈৱৰ্ত, মালী (ভূইমালী), হীৰা, বঙালী সূত্ৰধৰ, পাটনি, মুচী (হৰিজন)--- এই সাতটা অনুসূচিত জাতিও অন্তৰ্ভুক্ত হৈছে। জনগোষ্ঠীসমূহৰ ভিজন ডকুমেণ্ট উন্মোচনৰ পিছতে ভিজন ডকুমেণ্টৰ উদ্দেশ্য, মূল পদক্ষেপ আৰু ভৱিষ্যতৰ কাৰ্যপন্থাৰ বিষয়ে বিশদভাৱে নিজস্ব মত ব্যক্ত কৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande