শিৱসাগৰ, ২৯ ডিচেম্বৰ (হি.স.)। শিৱসাগৰ বি জি ৰোডত এজন ব্যৱসায়ীৰ আত্মহত্যা। এখন দোকানৰ ভিতৰত চিপলৈ আত্মহত্যা ব্যৱসায়ী ৰোহিত গুপ্তাৰ। ব্যৱসায়ীজনৰ এনেধৰণে চিপ লৈ থকা মৃতদেহ উদ্ধাৰ পিছত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ব্যৱসায়ী জনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইফালে আত্মহত্যাৰ স্থানৰ পৰা উদ্ধাৰ হৈছে এখন চুইচাইদ নোট । ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্ত তথা মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিবলৈ পোৱা যাব যে এয়া প্ৰকৃততে আত্মহত্যা নে কোনো হত্যাৰ ঘটনা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা