দৰং, ২৯ ডিচেম্বৰ (হি.স.)। দৰঙৰ খাৰুপেটীয়াত মূল্যহীন হৈ পৰিছে পাচলি৷ দুটকা দৰতো উৎপাদিত পাচলি বিক্ৰী কৰিব নোৱাৰা হৈছে কৃষকে৷
দৰঙৰ খাৰুপেটীয়াত হঠাৎ হ্ৰাস পাইছে সতেজ পাচলিৰ মূল্য । খাৰুপেটীয়াৰ পাইকাৰী বজাৰত পাচলিৰ দাম নাপাই মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে খাটি খোৱা কৃষকে৷ লাখ লাখ টকা ব্যয় কৰি পাচলি উৎপাদন কৰি খাৰুপেটীয়াৰ বালুগাঁও পাইকাৰী বজাৰত বিক্ৰী কৰিবলৈ লৈ আহে যদিও বজাৰত নাই ক্ৰেতা৷ ফুলকবিৰ কোনো মূল্য নোহোৱা হৈছে বজাৰখনত৷ অঞ্চলটোৰ শ শ কৃষকে তেওঁলোকৰ উৎপাদিত পাচলি বজাৰলৈ লৈ আনিছে যদিও বজাৰত পাচলি বিক্ৰী কৰিব নোৱাৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷
যি সময়ত অসমৰ বিভিন্ন বজাৰত ফুলকবি বন্ধাকবি ইত্যাদি পাচলি ৩০/৪০ টকা প্ৰতি কিলোত বিক্ৰী হৈছে তেনে সময়তে খাৰুপেটীয়াৰ বালুগাঁওস্থিত পাইকাৰী পাচলি বজাৰত প্ৰতি কিলোত দুটকা, তিনিটকা মূল্য পাবলৈও গ্ৰাহকৰ আশাত দিনটো বহি পাৰ কৰিছে কৃষকে৷ বেচিব নোৱাৰি বজাৰত পেলাই দিব লগীয়া হৈছে কষ্টোপাৰ্জিত পাচলি৷ বজাৰখনত আজি সহস্ৰাধিক ই ৰিক্সা ভৰ্তি পাচলি আহি ভিৰ কৰে যদিও মূল্য নাই৷ বজাৰত মূল্য নথকাত একাংশ মধ্যভোগীয়ে লৈছে সুবিধা৷
বজাৰখনত আজিৰ পাইকাৰী পাচলি মূল্য হৈছে প্ৰতিকিলো ফুলকবি ২/৪ টকা , বন্ধাকবি ৫ টকা, বিলাহী ১৫/১৬ টকা, গাজৰ ৩৮ টকা, বেঙেনা ৬/৭ টকা, বীন ২২/২৩ টকা, জলকীয়া ৩০/৩২ টকা, মূলা ৪/ ৫় টকা, ওলকবি ১২/ ১৪ টকা, বীট ৩২/ ৩৩ টকা, তিঁয়হ ৩৪/৩৫ টকা, ওৰহী ৭/৮ টকা, কেপচিকাম ৪০/৪২ টকা, ৰঙালাওঁ ১০ টকা প্ৰতি কেজিত আনহাতে পানীলাউ ১২/১৪ টকাকৈ প্ৰতিটোত মূ্ল্য ধাৰ্য্য কৰা হৈছে। ইমান কম মূল্যত বিক্ৰি কৰিবলগীয়া হোৱাৰ পিছতো গ্ৰাহক নাই বজাৰখনত। ফলত কৃষকসকলে এক বিৰাট লোকচানৰ সন্মুখীন কৰিবলগীয়া হোৱাৰ লগতে লাভ লৈছে মধ্যভোগীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা