আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ বিশেষ সভা সম্পন্ন
কামৰূপ, ২৮ ডিছেম্বৰ (হি স)। কামৰূপ জিলাৰ প্ৰচীন বিদ্যালয় সমূহৰ ভিতৰত ১৮৬৭ চনতে স্থাপিত হোৱা অন্যতম বিদ্যালয় হ'ল আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়। আজি এই শিক্ষানুষ্ঠানখন খনৰ প্ৰাক্তন ছাত্ৰৰ এখন বিশেষ সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ অধ্যক্ষ
প্ৰাক্তন ছাত্ৰৰ বিশেষ সভা সম্পন্ন


কামৰূপ, ২৮ ডিছেম্বৰ (হি স)।

কামৰূপ জিলাৰ প্ৰচীন বিদ্যালয় সমূহৰ ভিতৰত ১৮৬৭ চনতে স্থাপিত হোৱা অন্যতম বিদ্যালয় হ'ল আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়। আজি এই শিক্ষানুষ্ঠানখন খনৰ প্ৰাক্তন ছাত্ৰৰ এখন বিশেষ সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ অধ্যক্ষা পূৰৱী ভড়ালী আৰু পৰিচালনা সমিতিৰ সভাপতি ড০ ঈশাংকুৰ শইকীয়াৰ উপস্থিতিত প্ৰাক্তন ছাত্ৰ গোটৰ সভাপতি উৎপল তামুলীৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত শিক্ষানুষ্ঠান খনৰ শিক্ষক শিক্ষয়িত্ৰী

লগতে প্ৰাক্তন ছাত্ৰসকল উপস্থিত থাকে। সভাত বিশেষকৈ আগন্তুক দিনত বিদ্যালয়খন পৰিদৰ্শন তথা মূল্যায়নৰ বাবে 'গুণোৎসৱ' ৰ বিষয়ববীয়া সকলৰ আগমণ তথা প্ৰাক্তন ছাত্ৰ সকলৰ কৰণীয় সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয়।

আজিৰ সভাত প্ৰথমে প্ৰাক্তন ছাত্ৰ গোটৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে বিগত বছৰত প্ৰাক্তন ছাত্ৰই শৈক্ষিক, সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ কথা উল্লেখ কৰাৰ লগতে আগন্তক দিনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰিবলৈ আহ্বান জনায়। সভাত পৰিচালনা সমিতিৰ উপ সভাপতি ৰূপক ডেকা গৃহসম্পৰ্ক সফলতা কথা উপস্হাপন কৰে। প্ৰাক্তন ছাত্ৰ গোটৰ উপদেষ্টা থানেশ্বৰ শৰ্মা, সৌৰভ বৰকাকতি, ৰমন নাথ আৰু মুখ্য সম্বনয়ক বিশ্বজিৎ বৰুৱা, সদস্য বিশ্বজিৎ ভাৰতী প্ৰমুখ্যে অনেক প্ৰাক্তন ছাত্ৰই পৰামৰ্শ আৰু সক্ৰিয় সহায় সহযোগিতা আগবঢ়াবলৈ সন্মতি প্ৰদান কৰে। সৌৰভ বৰকাকতিয়ে ভাষণ প্ৰসংগত অনাগত দিনত বিদ্যালয় খনত শিক্ষাৰ্থীৰ সংখ্যা কেনেকৈ বঢ়াব পাৰি তাৰ এক বিস্তৃত বাখ্যা আগবঢ়াই লগতে বিগত দিনত গুণোৎসৱত বিদ্যালয় খনে লাভ কৰা ফলাফলৰ বাবে ধন্যবাদ জনোৱাৰ উপৰিও এইবাৰ কেনেকৈ আৰু ভাল ফলাফল লাভ কৰিব পাৰি তাৰ বাবে বিদ্যালয়ৰ সমূহ শিক্ষয়িত্ৰীৰ লগতে সভাত উপস্থিত থকা সকলো লৈ আহ্বান জনায় ।

প্ৰাক্তন ছাত্ৰ থানেশ্বৰ শৰ্মাই বিদ্যালয় খনত প্ৰয়োজন সাপেক্ষে শৈক্ষিক দিশৰ উপৰিও বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰস্তুত আছে বুলি উল্লেখ কৰে। আন এগৰাকী প্ৰাক্তন ছাত্ৰ ৰমেন নাথেও ভাষণ প্ৰসংগত উল্লেখ কৰে যে বিদ্যালয় খনৰ কৰ্তৃপক্ষৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলে সন্মুখীন হোৱা অসুবিধা সমূহ অৱগত কৰিলে এই অসুবিধা সমূহ সমাধা কৰাৰ ক্ষেত্ৰত সকলোৱে মিলিত হৈ এক সু প্ৰচেষ্টা লৈ বিদ্যালয় খনক কেনেকৈ আগবঢ়াই লৈ যাব পাৰি তাৰ ওপৰত বক্তব্য প্ৰদান কৰে। পৰিচালনা সমিতিৰ সভাপতি ড০ ঈশাংকুৰ শইকীয়াই বিদ্যালয়খনৰ সৰ্বাংগীন বিকাশ, উন্নত শৈক্ষিক বাতাবৰণ, সাংস্কৃতিক আৰু ক্ৰীড়া দিশত

সন্দৰ্ভতো বিভিন্ন গুৰুত্বপূৰ্ণ নীতি নিৰ্ধাৰক সিদ্ধান্ত লোৱা হৈছে বুলি জানিবলৈ দিছে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande