গুৱাহাটী, ২৬ ডিচেম্বৰ (হি.স.)।
ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাৰ ১০০ বছৰ উপলক্ষে আজি পাৰ্টিৰ ৰাজ্যিক কাৰ্য্যালয় প্ৰাঙ্গনত শুভ আৰম্ভণিৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কাৰ্যসূচীৰ আৰম্ভণিতে পাৰ্টিৰ ৰক্ত পতাকা উত্তোলন কৰে পাৰ্টিৰ বৰ্ষীয়ান নেতা কমৰেড ডম্বৰু বৰাই। ইয়াৰ লগে লগে বিগত ১০০ বছৰে পাৰ্টিৰ যিসকল সংগ্ৰামী নেতাই তেওঁলোকৰ বিপ্লৱী কাৰ্যৰে পাৰ্টি তথা দেশখনক সেৱা আগবঢ়াই জীৱন উছৰ্গা কৰিলে, সেই সকলৰ প্ৰতি শ্ৰদ্ধা জনাই স্মৃতি সৌধত পুষ্প অৰ্পন কৰে বিশিষ্ট নিবন্ধকাৰ তথা ট্ৰেড ইউনিয়ন নেতা কমৰেড শৰত চন্দ্ৰ দাসে।
ইয়াৰ পিছতে পাৰ্টিৰ জ্যেষ্ঠ নেতা কমৰেড চক্ৰেশ্বৰ কলিতাৰ পৰিচালনাত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। কমিউনিষ্ট ইন্টাৰনেচনেল গীতেৰে আৰম্ভ কৰা সভাখন আৰম্ভ কৰা হয় ৷ আদৰণি ভাষণ আগবঢ়াই চি পি আইৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে কয় যে চি পি আইয়ে হৈছে একমাত্ৰ বাওঁপন্থী ৰাজনৈতিক দল যিয়ে ১৯২৫ চনৰ ২৬ ডিচেম্বৰত কানপুৰ চহৰত প্ৰতিষ্ঠা লাভ কৰি আজি বিভিন্ন ঘাট প্ৰতিঘাত তথা উৎত্থান পতনৰ মাজেৰে আহি এশবছৰ সম্পূৰ্ণ কৰিছে ৷ যিটো দলে দেশৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰাৰ উপৰিও নৱ ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত সংগ্ৰামী কাৰ্যসূচীৰ জৰিয়তে অভাৱনীয় অৱদান আগবঢ়াইছিল ৷
গগৈয়ে আজি অনুষ্ঠানৰ বিশিষ্ট নেতা সকলৰ পৰা এক সমালোচনাত্মক দিহা পৰামৰ্শ আশা কৰিছোঁ বুলি কৈ সকলোকে অনুষ্ঠানলৈ স্বাৰ্গতম জনায়৷
ইয়াৰ পাছতে পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক কমৰেড মুনিন মহন্তই শতবৰ্ষ আৰম্ভণি অনুষ্ঠানৰ উদ্বোধন কৰি চি পি আইৰ জন্মৰ ইতিহাস আলোকপাত কৰে আৰু দেশৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ নকৰা লোকসকলৰ ঐৰসত জন্ম হোৱাৰ আজি ক্ষমতাত থকাসকলে ফেচিষ্ট শাসন চলাই জনতাক চিন্তিত কৰি তুলিছে আৰু ইয়াৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধ হৈ যুঁজিবৰ বাবে আহ্বান জনায়। সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ-চিন্তাবিদ ডঃ হীৰেণ গোহাঁইদেৱে কয় যে আজিৰ দেশখনৰ আৰ্থ-ৰাজনৈতিক পৰিস্থিতিত যিটো ফেচিষ্ট শক্তিয়ে দেশৰ শাসন ক্ষমতা দখল কৰি আছে, ইয়াৰ বিৰুদ্ধে সকলো বাওঁ-গণতান্ত্ৰিক দলসমূহক ঐক্যবদ্ধ হৈ যুঁজ দিবলৈ আহ্বান জনায় আৰু ইয়েই একমাত্ৰ বিকল্প বুলি উল্লেখ কৰে। লগতে তেওঁ আৰু কয় যে চিপিআই দলৰ ১০০ বছৰীয়া এটা ৰাজনৈতিক দলৰ কি কাৰণে এই সাংগঠনিক দুৰৱস্থা, এই সম্পৰ্কত দলৰ নেতা-কৰ্মীসকলে নিৰ্মোহ ভাবে পৰ্যালোচনা কৰিব লাগিব। কমিউনিষ্ট দলসমূহৰ নেতা-কৰ্মীসকলেই সমাজৰ ৰূপান্তৰ ঘটাব লাগিব। দলৰ বাহিৰৰ শুভাকাংক্ষী আৰু ৰাইজে সহযোগিতাহে আগবঢ়াব পাৰিব বুলি তেখেতে মত প্ৰকাশ কৰে ৷
অনুষ্ঠানত চিপিআই (এম) ৰ নেতা শতঞ্জীৱ দাস, ফৰৰ্ৱাড ব্লকৰ ৰাজ্যিক অধ্যক্ষ মিহিৰ নন্দী, এনচিপি দলৰ সম্পাদক পৰেশ বৰুৱা, বিশিষ্ট সাংবাদিক বৈকুণ্ঠ গোস্বামী, দেবেন তামূলী, লেখিকা ডঃ সুপৰ্ণা লাহিৰীয়ে বক্তব্য ৰাখি আগত সময়ত এখন সুন্দৰ সমাজৰ বাবে ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ আহ্বান জনায় ৷
অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ড° অপূৰ্ব বৰুৱা, মনোৰমা শৰ্মা, নিবন্ধকাৰ কিশোৰ কুমাৰ কলিতা, জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ , যুৱনেতা সুব্ৰত তালুকদাৰ, অসম মহিলা সংঘৰ ৰাজ্যিক সভানেত্ৰী অসমী গগৈ, এ আই টি ইউ চিৰ সাধাৰণ সম্পাদক ৰমেন দাস, নিখিল ভাৰত কৃষক সভাৰ ৰাজক্ষিক সম্পাদক জয়ন্ত গগৈ, ইপ্টা সাধাৰণ সম্পাদক বিপুল তালুকদাৰ , এ আই ৱাই এফৰ ৰাজ্যিক সভাপতি কৃষ্ণ গগৈ, ৰাজ্যিক নিৰ্মাণ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক ফণীধৰ দাসক ধৰি বহুকেইজন নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে । আনহাতে গণনাট্য শিল্পী হুমায়ুন চৌধুৰী আৰু মানস দাসৰ বিপ্লৱী গীতেৰে অনুষ্ঠানটো জীপাল কৰি তোলে ৷
---------------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া