গোলাঘাটত অগপত যোগদান এশ চল্লিশ গৰাকী মহিলাৰ
গোলাঘাট, ২৭ডিচেম্বৰ (হি.স.)। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দলটোৰ জন্মস্থান গোলাঘাটত শক্তি প্ৰদৰ্শন অসম গণ পৰিষদৰ৷ অগপৰ জিলা কাৰ্যালয়ত দলটোত যোগদান কৰে প্ৰায় এশ চল্লিশ গৰাকী মহিলাই৷ অগপ দলত যোগদান কৰি আগন্তুক দিনবোৰত আঞ্চলিক দলটো শক্তিশালী কৰাৰ পৰিকল্পন
গোলাঘাটত অগপত যোগদান এশ চল্লিশ গৰাকী মহিলাৰ


গোলাঘাট, ২৭ডিচেম্বৰ (হি.স.)। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দলটোৰ জন্মস্থান গোলাঘাটত শক্তি প্ৰদৰ্শন অসম গণ পৰিষদৰ৷ অগপৰ জিলা কাৰ্যালয়ত দলটোত যোগদান কৰে প্ৰায় এশ চল্লিশ গৰাকী মহিলাই৷

অগপ দলত যোগদান কৰি আগন্তুক দিনবোৰত আঞ্চলিক দলটো শক্তিশালী কৰাৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ মহিলা সদস্য সকলৰ৷ অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই গোলাঘাট জিলাখনত দলৰ ভেটি মজবুত কৰাৰ কথা উল্লেখ কৰে৷

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ মৃত্যুত শোকপ্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত অতুল বৰাই কৌশলী মন্তব্য কৰি কেইদিনমান পিছত সকলো কথা উল্লেখ কৰিব বুলি মন্তব্য কৰে৷ আনহাতে অখিল গগৈৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে অখিল গগৈয়ে নকয় কি বুলি উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande