পথ মেৰামতিৰ দাবীত পি ডব্লিউ ডিৰ কাৰ্যবাহী বিষয়ালৈ স্মাৰক পত্ৰ প্ৰদান বিলাইপুৰ গাঁওৰ ৰাইজৰ 
হাইলাকান্দি, ২৭ ডিচেম্বৰ (হি.স.)। হাইলাকান্দি জিলাৰ গগলাচৰা বিলাইপুৰ মিজোৰাম সংযোগী এক মাত্ৰ এই পথটো জৰাজীৰ্ণ অৱস্থাত থকাৰ বাবে এই অঞ্চলৰ হাজাৰ হাজাৰ লোকৰ লগতে যান-বাহন চালকসকলে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। পথটো ২০২১-২২ আৰু এছ অ
পথ মেৰামতিৰ দাবীত পি ডব্লিউ ডিৰ কাৰ্যবাহী বিষয়ালৈ স্মাৰক পত্ৰ প্ৰদান বিলাইপুৰ গাঁওৰ ৰাইজৰ 


হাইলাকান্দি, ২৭ ডিচেম্বৰ (হি.স.)। হাইলাকান্দি জিলাৰ গগলাচৰা বিলাইপুৰ মিজোৰাম সংযোগী এক মাত্ৰ এই পথটো জৰাজীৰ্ণ অৱস্থাত থকাৰ বাবে এই অঞ্চলৰ হাজাৰ হাজাৰ লোকৰ লগতে যান-বাহন চালকসকলে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।

পথটো ২০২১-২২ আৰু এছ অ পিডি ৰ অধীনত কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল যদিও কামৰ নিম্নমানৰ বাবে ৬ মাহৰ ভিতৰতে পথটোৰ অৱনতি ঘটি অঞ্চলটোৰ জনসাধাৰণক যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে।আজি এই অঞ্চলৰ ৰাইজে হাইলাকান্দি জিলাৰ উপায়ুক্ত আৰু পি ডব্লিউ ডিৰ কাৰ্যবাহী বিষয়াক এই গুৰুত্বপূৰ্ণ পথটো অতি সোনকালে মেৰামতি কৰাৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰি ১০ দিনৰ ভিতৰত পথটো নিবিদা দি নিৰ্মাণ কৰিবলৈ দাবী জনাইছে।অন্যথা বৃহত্তৰ আন্দোলন কৰাৰ হুংকাৰ প্রদান কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande