গুৱাহাটী মহানগৰীত ছুৰিকাঘাত কৰি যুৱতীক হত্যা, হত্যাকাৰী যুৱকৰ আত্নহত্যাৰ প্ৰচেষ্টা  
গুৱাহাটী, ২৬ ডিচেম্বৰ(হি.স.)। গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। মহানগৰীত আজি পুৱা ছুৰিকাঘাত কৰি এগৰাকী যুৱতীক অতি নৃশংস ভাবে হত্যা কৰা হয়। ঘটনাটো সংঘটিত হৈছে দিছপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দিছপুৰ লাষ্টগেটৰ নাহৰণী পথত। যুৱতীগৰাকীক ছুৰিক
গুৱাহাটী মহানগৰীত ছুৰিকাঘাত কৰি যুৱতীক হত্যা, হত্যাকাৰী যুৱকৰ আত্নহত্যাৰ প্ৰচেষ্টা  


গুৱাহাটী, ২৬ ডিচেম্বৰ(হি.স.)। গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। মহানগৰীত আজি পুৱা ছুৰিকাঘাত কৰি এগৰাকী যুৱতীক অতি নৃশংস ভাবে হত্যা কৰা হয়। ঘটনাটো সংঘটিত হৈছে দিছপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দিছপুৰ লাষ্টগেটৰ নাহৰণী পথত।

যুৱতীগৰাকীক ছুৰিকাঘাত কৰা যুৱক জনক ইতিমধ্যে চিনাক্ত কৰা হৈছে। ৰাজপথতে যুৱতীক ছুৰীৰে আক্ৰমণ চলোৱা যুৱকজনৰ নাম ভূপেন দাস। ভূপেন দাসৰ ঘৰ নলবাৰীত। মৌচুমী গগৈ নামৰ যুৱতী গৰাকীক ছুৰিকাঘাত কৰাৰ পিছত চোকা অস্ত্ৰৰে নিজকে শেষ কৰাৰ চেষ্টা চলায় যুৱকজনে।

আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সামাজিক মাধ্যমযোগে জনোৱা অনুসৰি, যুৱতী গৰাকীক ছুৰিকাঘাত কৰাৰ পিছতে চোকা অস্ত্ৰৰে নিজেও আত্নহত্যাৰ প্ৰচেষ্টা চলায় লোকজনে। বৰ্তমান আহত লোকজনক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে।

মহানগৰ আৰক্ষী সদৰি কৰা তথ্য অনুসৰি ঘাটক ভূপেন দাসে মৌচুমীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল। কিন্তু প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে বিভিন্ন সময়ত ভাবুকি দি আহিছিল মৌচুমীক। ভূপেনৰ অতপালিত অতিষ্ঠ হৈ তেওঁৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছিল মৌচুমী গগৈয়ে।

মৌচুমী গগৈ নামৰ যুৱতী গৰাকীক ছুৰিকাঘাত কৰাৰ পিছত স্থানীয় ৰাইজে যুৱতী গৰাকীক উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যাই যদিও মৃত্যু হয় যুৱতী গৰাকীৰ। লাষ্টগে’টৰ নাহৰণি পথত সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা। আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল যুৱতীগৰাকী।

যুৱতী গৰাকীৰ পেট, ডিঙি আৰু হাতত ছুৰিৰে আঘাত কৰিছিল ভূপেন দাসে। এএছ ০১ জেচি ৭৮১৪ নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহনত আহি যুৱতী গৰাকীক আক্ৰমণ কৰিয়ে পলায়ন কৰে ভূপেন দাসে। নাহৰণি পথৰ ১৪নং ঘৰৰ সন্মুখত সংঘটিত হয় এই ঘটনা।

যুৱতী গৰাকীয়ে ৰেপিড’ৰ বাবে পথৰ দাঁতিত ৰৈ আছিল বুলি জানিব পৰা গৈছে। সেই সময়তে এখন ছুইফ্ট ডিজায়াৰ বাহন আহি যুৱতী গৰাকীক আক্ৰমণ কৰে ভূপেনে। আক্ৰমণ কৰাৰ পিছতে বাহন খনেৰে সেই স্থানৰ পৰা পলায়ন কৰে দুৰ্বৃত্তই।

জানিব পৰা মতে, ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আছিল যুৱতী গৰাকী। পিতৃ এগৰাকী আৰক্ষী বিষয়া। যুৱতী গৰাকীৰ প্ৰকৃত ঘৰ মৰাণত। গুৱাহাটীৰ লাষ্টগে’টৰ নাহৰণি পথত এমাহ ধৰি ভাৰাতীয়া হিচাপে আছিল যুৱতী গৰাকী।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande