কামপুৰ বৃহত্তৰ ভোগালী উৎসৱৰ লাইখুটা স্থাপন
নগাও,২৬ ডিচেম্বৰ (হি.স.)। কামপুৰৰ বৃহত্তৰ ভোগালী উৎসৱৰ আজি লাইখুটা স্থাপন। সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰ লগতে মাংগলিক কাৰ্য্যসূচীৰে মাধৱ কন্দলী সমন্বয় ক্ষেত্ৰত স্থাপন কৰা হয় চতুৰ্থ বৰ্ষত ভৰি দিয়া ভোগালী মেলাৰ লাইখুটা। লাইখুটা স্থাপন কৰে কামপুৰৰ জি
কামপুৰ বৃহত্তৰ ভোগালী উৎসৱৰ লাইখুটা স্থাপন


নগাও,২৬ ডিচেম্বৰ (হি.স.)। কামপুৰৰ বৃহত্তৰ ভোগালী উৎসৱৰ আজি লাইখুটা স্থাপন। সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰ লগতে মাংগলিক কাৰ্য্যসূচীৰে মাধৱ কন্দলী সমন্বয় ক্ষেত্ৰত স্থাপন কৰা হয় চতুৰ্থ বৰ্ষত ভৰি দিয়া ভোগালী মেলাৰ লাইখুটা।

লাইখুটা স্থাপন কৰে কামপুৰৰ জিলা শাখাৰ সভাপতি মুনিন্দ্ৰ হাজৰিকাই। এইবাৰ ১৪ জানুৱাৰীৰ পৰা ছয় দিনীয়াকৈ অনুষ্ঠিত হ'ব বৃহত্তৰ কামপুৰ ভোগালী উৎসৱটো। উল্লেখ্য যে এইবাৰ কপিলী উপত্যকা বঁটা মৰোনোত্তৰ ভাৱে প্ৰদান কৰিব জনপ্ৰিয় সংগীত শিল্পী তথা গণশিল্পী সূৰ্য দাসক।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande