ধেমাজি, ২৬ ডিচেম্বৰ (হি.স.)।বৰ্তমান অসমৰ বিভিন্ন জিলাত অব্যাহত থকা শুকান আৰু খৰাং বতৰৰ বাবে বনাঞ্চল সমূহত থকা গছ গছনি সমূহ শুকাই গৈছে।এনে শুকান গছ গছনি,গছৰ পাতত সামান্য অগ্নিৰ স্ফুলিংগৰ সংস্পৰ্ষলৈ আহিলেই বৃহত অগ্নিকাণ্ডৰ সুত্ৰপাত হয়।
এনেদৰে ধেমাজিৰ জীয়াঢল বনাঞ্চলত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়৷ বন বিভাগে নতুনকৈ বৃক্ষ ৰোপন কৰা প্ৰায় ১৩০ হেক্টৰ বনাঞ্চল ভষ্মীভূত৷ জুই সম্প্ৰসাৰিত হৈছে ৬০ হেক্টৰ নতুনকৈ ৰোপণ কৰা বনাঞ্চললৈ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা