শিৱসাগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় স্থানান্তৰিত কৰাৰ নিৰ্দেশ জাৰি কৰাত জিলা ক্ৰীড়া সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী
শিৱসাগৰ, ২৬ ডিচেম্বৰ (হি.স.)। শিৱসাগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় স্থানান্তৰিত কৰাক কেন্দ্ৰ কৰি শিৱসাগৰ ক্ৰীড়া সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। শিৱসাগৰ জিলা সদৰৰ পৰা এটা চৰকাৰী কাৰ্যালয় স্থানান্তৰক লৈ সৰৱ হৈ পৰিছে শিৱসাগৰ ক্ৰীড়া সন্থা।হাতত লৈছে আন্দোলনৰ ক
  শিৱসাগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় স্থানান্তৰিত কৰাৰ নিৰ্দেশ জাৰি কৰাত জিলা ক্ৰীড়া সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী


শিৱসাগৰ, ২৬ ডিচেম্বৰ (হি.স.)। শিৱসাগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় স্থানান্তৰিত কৰাক কেন্দ্ৰ কৰি শিৱসাগৰ ক্ৰীড়া সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। শিৱসাগৰ জিলা সদৰৰ পৰা এটা চৰকাৰী কাৰ্যালয় স্থানান্তৰক লৈ সৰৱ হৈ পৰিছে শিৱসাগৰ ক্ৰীড়া সন্থা।হাতত লৈছে আন্দোলনৰ কাৰ্যসূচী।

শিৱসাগৰ জিলা সদৰৰ পৰা শিৱসাগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়টো ডিমৌৰ ৰাইচাই ষ্টেডিয়ামলৈ স্থানান্তৰিত কৰাৰ নিৰ্দেশ জাৰি কৰিছে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক প্ৰদীপ তিমুঙে। উক্ত নিৰ্দেশক শিৱসাগৰ নগৰৰ বিভিন্ন ক্ৰীড়া-সামাজিক অনুষ্ঠানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিৰ্দেশটো বাতিল কৰাৰ দাবী উত্থাপন কৰিছে।

আজি শিৱসাগৰ ক্ৰীড়া সন্থাৰ উদ্যোগত শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰ নগৰৰ বিভিন্ন ক্ৰীড়া সংগঠনৰ লগতে সামাজিক স‌ংগঠনে দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি শিৱসাগৰ নগৰৰ পৰা জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় স্থানান্তৰ কৰা কাৰ্যক গৰিহণা দি আদেশটো বাতিল কৰাৰ দাবী উত্থাপন কৰিছে।

হাতে হাতে প্লে কাৰ্ড লৈ ক্ৰীড়াবিদ,ক্ৰীড়া সংগঠক,সামাজিক অনুষ্ঠানৰ প্ৰতিনিধিয়ে কৰা প্ৰতিবাদক লৈ সাধাৰণ জনতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জিলা সদৰৰ পৰা জিলা বিষয়াৰ কাৰ্যালয় কি কাৰণত স্থানান্তৰিত কৰিব লগা হৈছে সেই বিষয়ক লৈ ৰাইজে উত্থাপন কৰিছে প্ৰশ্নৰ।

উল্লেখযোগ্য যে বিষয় সন্দৰ্ভত শিৱসাগৰ ক্ৰীড়া সন্থাই ইয়াৰ আগতো শিৱসাগৰ জিলা আয়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও কোনো উত্তৰ নাপালে। বিষয় সন্দৰ্ভত আজি পুনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।যদি এই আদেশ বাতিল নকৰে তেন্তে আগন্তুক সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিছে শিৱসাগৰ ক্ৰীড়া সন্থাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande