বগৰীবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসকৰ অভাব
বগৰীবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসকৰ অভাব।
বগৰীবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসকৰ অভাব


কোকৰাঝাৰ, ১৩ ডিচেম্বৰ (হি.স.): কোকৰাঝাৰ পৰ্বতঝোৰাৰ গাতে লাগি থকা বগৰীবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় খনত চিকিৎসকৰ অভাব পৰিলক্ষিত হৈছে। মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় খন হৈছে অঞ্চলটোৰ জনসাধাৰণৰ আশাৰ থলী। পিছে প্ৰয়োজন অনুসৰি চিকিৎসককে ধৰি অন্যান্য সা-সুবিধা নথকাৰ বাবে ৰোগীসকল চৰকাৰী সেৱাৰ পৰা বঞ্চিত হৈ আহিছে।

উল্লেখযোগ্য যে ধুবুৰী জিলাৰ আটানি ৰাজহুৱা চক্ৰৰ অন্তৰ্গত বগৰীবাৰী । ইয়াৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খনত মাহত প্ৰায় একৰ পৰা ডেৰ শতাদিক প্ৰসূতি গৰ্ভৱতী মহিলাৰ প্ৰসৱ কৰোৱা হয়। এই ক্ষেত্ৰত চিকিৎসালয়খনত স্ত্ৰীৰোগ বিশেষজ্ঞ চিকিৎসকৰ অভাৱ অনুভৱ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande