গুৱাহাটী, ১২ নৱেম্বৰ(হি.স.)। গুৱাহাটী ৰে’ল ষ্টেচনত বোমাতংকই বিৰাজ কৰিছে। পুৱাৰ পৰা গুৱাহাটী ৰে’ল ষ্টেচনত নিচিদ্ৰ তালাচী অভিযান আৰম্ভ হৈছে। নিশা প্ৰায় ১১ বজাত ১১২ নং শ্বিলং আৰক্ষীৰ পৰা গুৱাহাটী আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ এটা ফোন আহিছিল। শ্বিলং আৰক্ষীয়ে গুৱাহাটী আৰক্ষীক কোনো দুস্ক্ৰীতিকাৰীৰ বিস্ফোৰণৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰিছিল ।
ফোনযোগে জনাইছিল গুৱাহাটী ৰে’ল ষ্টেচনত বিস্ফোৰণৰ পৰিকল্পনা কৰা বুলি। উক্ত খবৰৰ ভিত্তিতেই পুৱাৰে পৰা অভিযান চলাইছে আৰক্ষীয়ে। প্রতিগৰাকী যাত্ৰীক তালাচী কৰা হ’ল। ৰে’ল ষ্টেচনত উপস্থিত হৈছিল অগ্নিনিৰ্বাপক বাহিনীও।
স্থানীয় আৰক্ষী, জিআৰপি, আৰপিএফৰ অন্যান্য বিষয়া আৰু কৰ্মচাৰীয়ে স্নিফাৰ ডগ, মহানগৰ আৰক্ষীৰ বোমা নিস্ক্ৰিয় বাহিনী আদিৰ সৈতে গুৱাহাটী ষ্টেচনত উপস্থিত হৈ সমগ্ৰ ষ্টেচন আৰু কাষৰীয়া অঞ্চলত জোৰদাৰভাৱে তালাচী চলাইছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ