বেংগালুৰু/নতুন দিল্লী, ০৯ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে কৰ্ণাটকৰ বেংগালুৰুত দক্ষিণ অঞ্চলৰ ১০টা আঞ্চলিক গ্ৰাম্য বেংকৰ কাম-কাজৰ পৰ্যালোচনা কৰে।
বিত্ত মন্ত্ৰালয়ে এক্সপ্ৰেছক জনোৱা মতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত ইয়াত অনুষ্ঠিত হোৱা বৈঠকত এক উপস্থাপনৰ সময়ত ২০২২ চনত নিয়মীয়া পৰ্যালোচনা আৰম্ভ হোৱাৰ পিছৰে পৰা আৰ আৰ বিসমূহে তেওঁলোকৰ বিত্তীয় প্ৰদৰ্শন আৰু প্ৰযুক্তিৰ উন্নীতকৰণৰ বাবে শলাগ লৈছে আৰু গ্ৰাম্য বেংকসমূহক এই গতি ভৱিষ্যতেও অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে ।
কৰ্ণাটকৰ বেংগালুৰুত সীতাৰমণে পৰ্যালোচনা কৰা দক্ষিণ অঞ্চলৰ ১০টা আঞ্চলিক গ্ৰাম্য বেংকৰ ভিতৰত কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী অন্যতম। আৰ আৰ বি সমূহৰ কৰ্ম সম্পাদন পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, বিত্ত সেৱা বিভাগৰ সচিব, ডি এফ এছৰ উচ্চপদস্থ বিষয়া, নিজ নিজ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া, আৰ বি আই, চিডবি, নাবাৰ্ড অনলাইনৰ প্ৰতিনিধি, অংশীদাৰ, আৰ আৰ বিৰ এম ডি, পৃষ্ঠপোষক বেংকৰ আৰু আয়োজক বেংক সমূহৰ এম ডি তথা চি ই অ’সকল উপস্থিত আছিল।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ