বিটকইনৰ অভিলেখ ভংগকাৰী উত্থান অব্যাহত, ক্ৰিপ্টো মুদ্ৰাৰ মূল্য প্ৰায় ৯০ হাজাৰ ডলাৰ
- এই বছৰৰ শেষৰ ফালে বিটকইনৰ মূল্য ১০ লাখ ডলাৰ হ’ব বুলি আশা নতুন দিল্লী, ১২ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পে জয়লাভ কৰাৰ পিছৰে পৰা বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্টো মুদ্ৰা বিটকইন ধাৰাবাহিকভাৱে উত্থানেৰে নতুন অভিলেখ গঢ়িবলৈ সক্ষ
ক্ৰিপ্টো মুদ্ৰা


- এই বছৰৰ শেষৰ ফালে বিটকইনৰ মূল্য ১০ লাখ ডলাৰ হ’ব বুলি আশা

নতুন দিল্লী, ১২ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পে জয়লাভ কৰাৰ পিছৰে পৰা বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্টো মুদ্ৰা বিটকইন ধাৰাবাহিকভাৱে উত্থানেৰে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আজিৰ ট্ৰেডিঙত এই ভাৰ্চুৱেল মুদ্ৰা ৯০ হাজাৰ ডলাৰৰ অতি ওচৰত উপনীত হ’ল। আমেৰিকাত ড’নাল্ড ট্ৰাম্পৰ জয়ৰ ধাৰাটোৰ পিছৰে পৰা এই ক্ৰিপ্টো মুদ্ৰাত বুলিছ ট্ৰেণ্ড দেখা গৈছে আৰু কেৱল যোৱা এসপ্তাহত ই প্ৰায় ৩২ শতাংশ জপিয়াই পৰিছে। বিশ্বাস কৰা হয় যে এই বছৰৰ শেষৰ ফালে বিটকইন ১ লাখ ডলাৰৰ স্তৰত উপনীত হ’ব পাৰে।

আমেৰিকাৰ নিৰ্বাচনৰ এদিন পূৰ্বে ৪ নৱেম্বৰত বিটকইনৰ মূল্য ৬৬,৮৩৪ ডলাৰৰ স্তৰত চলি আছিল, আনহাতে ৬ নৱেম্বৰত আমেৰিকাৰ নিৰ্বাচন গণনাৰ ট্ৰেণ্ড হোৱাৰ লগে লগে ড’নাল্ড ট্ৰাম্পৰ ৰাষ্ট্ৰপতি হোৱাৰ পথ স্পষ্ট হৈ পৰিছিল এই ক্ৰিপ্টো মুদ্ৰাই ৭৬,৪০১.৪০ ডলাৰৰ সৰ্বোচ্চ স্তৰত উপনীত হ'ল। ইয়াৰ পিছত ১০ নৱেম্বৰত বিটকইনে ৮০,০৯২ ডলাৰৰ স্তৰত উপনীত হৈ নতুন অভিলেখ গঢ়িছিল। পিছদিনা ১১ নৱেম্বৰত বিটকইনৰ মূল্য ৮১,৮০০ ডলাৰলৈ জপিয়াই পৰিল, আনহাতে আজি এই ক্ৰিপ্টো মুদ্ৰাই সৰ্বোচ্চ স্তৰ ৮৯,৬০৪.৫০ ডলাৰত উপনীত হ’বলৈ সক্ষম হয়। আমেৰিকাত নিৰ্বাচনৰ দিনটোৰ পৰা বিটকইনৰ মূল্য ৩২.০৩ শতাংশ বৃদ্ধি পাইছে।

বিশেষজ্ঞসকলে কয় যে বিটকইনকে ধৰি অন্যান্য ক্ৰিপ্টো মুদ্ৰাৰ মূল্য বৃদ্ধিৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে ড’নাল্ড ট্ৰাম্পৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি, য’ত তেওঁ ক্ৰিপ্টো মুদ্ৰাৰ বাবে সহায়ক নিয়ম প্ৰণয়নৰ কথা কৈছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত ড’নাল্ড ট্ৰাম্পে আমেৰিকাত বিটকইনৰ মজুত সৃষ্টি আৰু ঘৰুৱাভাৱে ক্ৰিপ্টো মুদ্ৰাৰ খনন প্ৰসাৰ কৰাৰ লগতে ডিজিটেল সম্পত্তিৰ বাবে নিয়ন্ত্ৰক নিযুক্তি দিয়াৰ কথাও কৈছিল।

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্টো মুদ্ৰা বিটকইনৰ মূল্য চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা এতিয়ালৈকে ৫১ হাজাৰ ডলাৰতকৈ অধিক বৃদ্ধি পাইছে। চলিত বৰ্ষৰ ২৩ জানুৱাৰীত বিটকইন ৩৮,৫০০ টকাৰ স্তৰলৈ নামি আহিছিল যদিও তাৰ পিছত এই ক্ৰিপ্টো মুদ্ৰাৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। চলিত বৰ্ষৰ ২৩ জানুৱাৰীৰ মূল্যৰ তুলনাত বিটকইনৰ মূল্য প্ৰায় ৫১,১০০ ডলাৰ জপিয়াই পৰিছে। অৰ্থাৎ ১ বছৰতকৈও কম সময়ৰ ভিতৰতে এই ক্ৰিপ্টো মুদ্ৰাই দুগুণতকৈও অধিক ৰিটাৰ্ণ দিছে। বিশেষজ্ঞসকলে কয় যে বিটকইনৰ মূল্য বৃদ্ধিয়ে আমেৰিকাৰ ইকুইটি ট্ৰেডেড ফাণ্ডৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছে। ইয়াৰ লগতে আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ কৰ্তনে বিটকইনকে ধৰি সকলো ক্ৰিপ্টো মুদ্ৰাৰ বাবেও এক ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিছে। এতিয়া ড’নাল্ড ট্ৰাম্পৰ জয়ে ক্ৰিপ্টো মুদ্ৰাৰ বজাৰখনকো প্ৰচণ্ড সমৰ্থন দিছে, যাৰ বাবেই প্ৰায়বোৰ প্ৰধান ক্ৰিপ্টো মুদ্ৰাতে বুলিছ ট্ৰেণ্ড দেখা গৈছে।

ক্ৰিপ্টো মুদ্ৰা বজাৰৰ বিশেষজ্ঞসকলৰ মতে যোৱা এসপ্তাহৰ ভিতৰত বেছিভাগ ক্ৰিপ্টো মুদ্ৰাত উৰ্ধমুখী ধাৰা দেখা গৈছে যদিও অনাগত দিনত লাভ বুকিঙৰ বাবে নিম্নগামী ধাৰা আহিব পাৰে। বজাৰ বিশেষজ্ঞ বিনীত জৈনে কয় যে নৱেম্বৰৰ শেষৰ ফালে বিটকইনকে ধৰি বেছিভাগ ক্ৰিপ্টো মুদ্ৰাৰ মূল্য সামান্য হ্ৰাস পাব পাৰে, কিন্তু ইয়াৰ পিছত ডিচেম্বৰ মাহত পুনৰবাৰ অধিক ক্ৰিপ্টো মুদ্ৰাৰ বাবে বুলিছ ট্ৰেণ্ড দেখা যাব। যদিহে বিশ্বৰ পৰিস্থিতিত কোনো ডাঙৰ উত্তাল পৰিস্থিতি নহয়, তেন্তে এই বছৰৰ শেষৰ ফালে ক্ৰিপ্টো মুদ্ৰাৰ বজাৰৰ নেতা বিটকইন প্ৰথমবাৰৰ বাবে ১ লাখ ডলাৰৰ স্তৰ অতিক্ৰম কৰিব পাৰে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande