নতুন দিল্লী, ১৩ নৱেম্বৰ (হি.স.)। এন টি পি চিৰ সহযোগী কোম্পানী এন টি পি চি গ্ৰীণ এনাৰ্জীয়ে ১০ হাজাৰ কোটি টকাৰ আই পি অ’ৰ বাবে প্ৰতি শ্বেয়াৰত ১০২ টকাৰ পৰা ১০৮ টকাৰ মূল্যৰ বেণ্ড নিৰ্ধাৰণ কৰিছে। এই আই পি অ’ ১৯ নৱেম্বৰত চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। ২২ নৱেম্বৰত আই পি অ’ৰ সামৰণি হ’ব। ইছ্যুটো মুকলি হোৱাৰ পূৰ্বে ১৮ নৱেম্বৰত এংকৰ বুক মুকলি কৰা হ’ব, যাৰ জৰিয়তে এংকৰ বিনিয়োগকাৰীয়ে আই পি অ’ত নিজৰ নিবিদা দিব। ২৭ নৱেম্বৰত বম্বে ষ্টক এক্সচেঞ্জ আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জত তালিকাভুক্ত হ’ব এনটিপিচি গ্ৰীণ এনাৰ্জীৰ শ্বেয়াৰ।
এন টি পি চি গ্ৰীণ এনাৰ্জীৰ আই পি অ’ত ৭৫ শতাংশ অংশ অৰ্হতাসম্পন্ন প্ৰতিষ্ঠানিক ক্ৰেতা (কিউ আই বি)ৰ বাবে সংৰক্ষিত কৰা হৈছে। একেদৰে ১৫ শতাংশ অংশ অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এন আই আই)ৰ বাবে আৰু ১০ শতাংশ খুচুৰা বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত কৰা হৈছে। ইয়াত ২০০ কোটি টকাৰ শ্বেয়াৰ কৰ্মচাৰীৰ বাবে সংৰক্ষিত কৰা হৈছে, যিসকলক প্ৰতি শ্বেয়াৰত ৫ টকা ৰেহাই দিয়া হ’ব। এই আই পি অ’ৰ অধীনত নতুন শ্বেয়াৰহে জাৰি কৰা হ’ব। ইয়াত বিক্ৰীৰ কোনো অফাৰ নাথাকিব।
এই আই পি অ’ৰ জৰিয়তে সংগ্ৰহ কৰিবলগীয়া ১০ হাজাৰ কোটি টকাৰ ভিতৰত ৭৫০০ কোটি টকা এন টি পি চি গ্ৰীণ এনাৰ্জীয়ে নিজৰ সহযোগী কোম্পানী এন টি পি চি ৰিনিউৱেবল এনাৰ্জি লিমিটেড (এন আৰ ই এল)ৰ ঋণ পৰিশোধৰ বাবে ব্যৱহাৰ কৰিব, বাকী ২৫০০ কোটি টকা সাধাৰণ কৰ্প’ৰেট পূৰণৰ বাবে ব্যৱহাৰ কৰিব প্ৰয়োজন। এনটিপিচিৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান এনটিপিচি গ্ৰীণ এনাৰ্জীয়ে ইউটিলিটি স্কেলৰ নবীকৰণযোগ্য শক্তি প্ৰকল্পৰ পৰ্টফলিঅ’ প্ৰস্তুত কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ