নতুন দিল্লী, ১৪ নৱেম্বৰ (হি.স.)। খুচুৰা বিক্ৰীৰ পিছত পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰো বৃদ্ধি পাইছে। পাইকাৰী মূল্য সূচকাংকৰ ভিত্তিত পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ অক্টোবৰ মাহত বাৰ্ষিক ভিত্তিত ২.৩৬ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ছেপ্টেম্বৰ মাহত ১.৮৪ শতাংশ আছিল।
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি অক্টোবৰ মাহত খাদ্য সামগ্ৰীৰ মূল্য ১১.৫৯ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ছেপ্টেম্বৰ মাহত ৯.৪৭ শতাংশ আছিল। ছেপ্টেম্বৰ মাহত শাক-পাচলিৰ মূল্য ৪৮.৭ শতাংশ হোৱাৰ বিপৰীতে অক্টোবৰ মাহত ৬৩.০৪ শতাংশলৈ বৃদ্ধি পাইছে। একেদৰে অক্টোবৰ মাহত নিৰ্মিত সামগ্ৰীৰ মুদ্ৰাস্ফীতি ১.৫ শতাংশ হোৱাৰ বিপৰীতে ছেপ্টেম্বৰ মাহত ১ শতাংশ আছিল। কিন্তু বিগত মাহৰ তুলনাত অক্টোবৰ মাহত ইন্ধন আৰু বিদ্যুতৰ মূল্য ৫ শতাংশতকৈ অধিক হ্ৰাস পাইছে।
পূৰ্বে প্ৰকাশ পোৱা তথ্য অনুসৰি অক্টোবৰ মাহত খুচুৰা মুদ্ৰাস্ফীতি ১৪ মাহৰ সৰ্বোচ্চ ৬.২ শতাংশলৈ বৃদ্ধি পাইছে, যিটো ছেপ্টেম্বৰ মাহত ৫.৫ শতাংশ আছিল। মুদ্ৰাস্ফীতি বৃদ্ধিৰ বাবে অৰ্থনীতিত মন্দাৱস্থাৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰিছে। আৰ বি আইয়ে চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ বাবে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ৪.৫ শতাংশ হ’ব বুলি অনুমান কৰিছে। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰগৰাকীয়ে কৈছিল যে মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস পাইছে যদিও এই প্ৰক্ৰিয়াটো লেহেমীয়া আৰু অসমান।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ