নতুন দিল্লী, ১৩ নৱেম্বৰ (হি.স.)। আজি একেৰাহে ৫ম দিনলৈ ঘৰুৱা অলংকাৰ বজাৰত হ্ৰাস পোৱাৰ ধাৰা অব্য়াহত আছে। আজি সোণৰ মূল্য ১৩৫০ টকাৰ পৰা ১৪৭০ টকা প্ৰতি ১০ গ্ৰামত সস্তা হৈছে। একেদৰে আজি ৰূপৰ মূল্যও ২ হাজাৰ টকাকৈ হ্ৰাস পাইছে। মূল্য হ্ৰাসৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰতে ২৪ কেৰেট সোণৰ মূল্য ৭৭,৪৩০ টকাৰ পৰা ৭৭,২৮০ টকাৰ ভিতৰত প্ৰতি ১০ গ্ৰামত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেট সোণৰ মূল্যও প্ৰতি ১০ গ্ৰামত ৭০,৯৯০ টকাৰ পৰা ৭০,৮৪০ টকাৰ ভিতৰত আছে। সোণৰ দৰেই ৰূপৰ মূল্য দুৰ্বলতাৰ বাবে দিল্লীৰ অলংকাৰ বজাৰত ইয়াৰ মূল্য আজি প্ৰতি কেজিত ৯০,৯০০ টকালৈ নামি আহিছে।
দেশৰ ৰাজধানী দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য ৭৭,৪৩০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য ৭০,৯৯০ টকা প্ৰতি ১০ গ্ৰামত ৰেকৰ্ড কৰা হৈছে। আনহাতে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭৭,২৮০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭০,৮৪০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৭৭,৩৩০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭০,৮৯০ টকা ৰেকৰ্ড কৰা হৈছে। এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৭,২৮০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭০,৮৪০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৭,২৮০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭০,৮৪০ টকা।
আজি লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৭,৪৩০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭০,৯৯০ টকাৰ স্তৰত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৭,৩৩০ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭০,৮৯০ টকাৰ স্তৰত বিক্ৰী হৈছে। একেদৰে জয়পুৰতো ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭৭,৪৩০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭০,৯৯০ টকাত বিক্ৰী কৰা হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য সস্তা হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেটৰ সোণৰ মূল্য ৭৭,২৮০ টকা। একেদৰে এই তিনিখন চহৰৰ বুলিয়ন বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৭০,৮৪০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ