ছেপ্টেম্বৰ মাহত দেশৰ উদ্যোগিক উৎপাদন ৩.১ শতাংশ বৃদ্ধি 
নতুন দিল্লী, ১২ নৱেম্বৰ (হি.স.)। দেশৰ ঔদ্যোগিক উৎপাদন সূচকাংক ছেপ্টেম্বৰ মাহত বাৰ্ষিক ভিত্তিত ৩.১ শতাংশ বৃদ্ধি পাইছে। যোৱা মাহত আগষ্ট মাহত ঔদ্যোগিক উৎপাদন ০.১ শতাংশ হ্ৰাস পাইছিল। মঙলবাৰে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি উৎপাদন
ছেপ্টেম্বৰ মাহত দেশৰ উদ্যোগিক উৎপাদন ৩.১ শতাংশ বৃদ্ধি


নতুন দিল্লী, ১২ নৱেম্বৰ (হি.স.)। দেশৰ ঔদ্যোগিক উৎপাদন সূচকাংক ছেপ্টেম্বৰ মাহত বাৰ্ষিক ভিত্তিত ৩.১ শতাংশ বৃদ্ধি পাইছে। যোৱা মাহত আগষ্ট মাহত ঔদ্যোগিক উৎপাদন ০.১ শতাংশ হ্ৰাস পাইছিল।

মঙলবাৰে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি উৎপাদন খণ্ডৰ উন্নত প্ৰদৰ্শনৰ বাবে ছেপ্টেম্বৰ মাহত ঔদ্যোগিক উৎপাদন ৩.১ শতাংশ বৃদ্ধি পাইছে। তথ্য অনুসৰি ছেপ্টেম্বৰ মাহত খনন, উৎপাদন আৰু শক্তি খণ্ডৰ উৎপাদন ক্ৰমে ০.২ শতাংশ, ৩.৯ শতাংশ আৰু ০.৫ শতাংশ বৃদ্ধি পাইছে। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ঔদ্যোগিক উৎপাদনৰ বৃদ্ধিৰ হাৰ আছিল ৬.৪ শতাংশ।

এন এছ অ’ৰ তথ্য অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধ (এপ্ৰিল-ছেপ্টেম্বৰ)ৰ সময়ছোৱাত ঔদ্যোগিক উৎপাদনৰ বৃদ্ধিৰ হাৰ চাৰি শতাংশ আছিল। যোৱা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত ৬.২ শতাংশ বৃদ্ধি পাইছিল। ঔদ্যোগিক উৎপাদন সূচকাংকৰ দ্ৰুত অনুমান (আইআইপি) প্ৰতি মাহৰ ১২ তাৰিখে (বা যদি ১২ তাৰিখ বন্ধ হয় তেন্তে পূৰ্বৰ কৰ্মদিনত) ছয় সপ্তাহৰ বিৰতিৰ সৈতে প্ৰকাশ কৰা হয়। এই দ্ৰুত অনুমানসমূহ আইআইপিৰ পুনৰীক্ষণ নীতি অনুসৰি পৰৱৰ্তী মুক্তিসমূহত সংশোধন কৰা হ'ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande