নতুন দিল্লী, ১২ নৱেম্বৰ (হি.স.)। অক্টোবৰ মাহত গ্ৰাহক মূল্য সূচকাংকৰ ভিত্তিত খুচুৰা মুদ্ৰাস্ফীতি বাৰ্ষিক ভিত্তিত ৬.২১ শতাংশলৈ বৃদ্ধি পাইছে। খুচুৰা মুদ্ৰাস্ফীতিৰ এই হাৰ ১৪ মাহৰ ভিতৰত সৰ্বাধিক। যোৱা বছৰৰ একে মাহত ৪.৮৭ শতাংশ হোৱাৰ বিপৰীতে ২০২৩ চনৰ আগষ্ট মাহত ৬.৮৩ শতাংশ আছিল।
ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি অক্টোবৰ মাহত খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতি ১০.৮৭ শতাংশলৈ বৃদ্ধি পাইছে, যিটো বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৯.২৪ শতাংশ আৰু অক্টোবৰ মাহত ৬.৬১ শতাংশ আছিল। উল্লেখযোগ্য যে যোৱা মাহত আৰ বি আইয়ে পলিচি ৰেট ৰেপ’ ৰেট ৬.৫ শতাংশ অপৰিৱৰ্তিত ৰাখিছিল। কেন্দ্ৰীয় চৰকাৰে মুদ্ৰাস্ফীতি চাৰি শতাংশ (দুই শতাংশ উঠা-নমাৰে) ৰখাৰ দায়িত্ব ৰিজাৰ্ভ বেংকক দিছে। এইদৰে খুচুৰা মুদ্ৰাস্ফীতি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সন্তোষজনক স্তৰ ছয় শতাংশৰ ওপৰলৈ গৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া