-এয়াৰ ইণ্ডিয়া-ভিষ্টাৰৰ সংহত একত্ৰীকৰণৰ পিছতে আৰম্ভ হয় দোহা-মুম্বাই বিমান সেৱা
নতুন দিল্লী, ১২ নৱেম্বৰ (হি.স.)। টাটা গ্ৰুপ নেতৃত্বাধীন এয়াৰ ইণ্ডিয়া আৰু ভিষ্টাৰাৰ একত্ৰীকৰণৰ পিছত অস্তিত্বলৈ অহা এই সংহত সত্তাৰ প্ৰথমখন বিমানে নিশা ১২.১৫ বজাত ডোহাৰ পৰা মুম্বাই অভিমুখে উৰা মাৰি আৰু মঙলবাৰে পুৱা মুম্বাইত উপস্থিত হয়। এই বিমানখনৰ ক’ড আছিল ‘ওআই২২৮৬’। এয়াৰ ইণ্ডিয়া-বিস্তাৰাৰ একত্ৰীকৰণৰ পিছত গঠিত এই সংহত সত্তাৰ এয়া প্ৰথম আন্তঃৰাষ্ট্ৰীয় বিমান।
চৰকাৰী সূত্ৰই জনোৱা মতে, এয়াৰ ইণ্ডিয়া-ভিষ্টাৰ ইন্টিগ্ৰেটেড ইউনিটৰ প্ৰথমখন ঘৰুৱা বিমান এআই২৯৮৪ গভীৰ নিশা মুম্বাইৰ পৰা দিল্লী অভিমুখে ৰাওনা হয়। ইয়াৰ বাবে ব্যৱহাৰ কৰা হৈছিল এ৩২০ বিমান, যিখনে ৰাতিপুৱা ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত উপস্থিত হয়। একত্ৰীকৰণৰ পিছতে এয়াৰ ইণ্ডিয়াই বিস্তাৰা বিমান চলাচল কৰি আছে। দুয়োটা বিমান সংস্থা একত্ৰিত হৈছে, এতিয়া যাত্ৰীসকলক এয়াৰ ইণ্ডিয়াৰ বৰ্ডিং পাছ প্ৰদান কৰা হৈছে। বিমানবন্দৰত ভিষ্টাৰাৰ চেক-ইন কাউণ্টাৰ এয়াৰ ইণ্ডিয়াৰ হৈ পৰিছে।
বিমান যাত্ৰীসকলে বুকিং কৰাৰ সময়ত তেওঁলোকৰ ভিষ্টাৰ বিমান চিনাক্ত কৰাত সহায় কৰিবলৈ ভিষ্টাৰ বিমানৰ বাবে ‘এআই২এক্সএক্সএক্স’ ক’ড ব্যৱহাৰ কৰা হৈছে। ভিষ্টাৰা হৈছে টাটা আৰু ছিংগাপুৰ এয়াৰলাইন্সৰ যৌথ উদ্যোগ, এতিয়া এয়াৰ ইণ্ডিয়াৰ সৈতে একত্ৰিত হৈছে। এই একত্ৰীকৰণৰ পিছত সম্প্ৰসাৰিত এয়াৰ ইণ্ডিয়াত ছিংগাপুৰ এয়াৰলাইন্সৰ ২৫.১ শতাংশ অংশীদাৰিত্ব আছে।
উল্লেখযোগ্য যে দিল্লীৰ পৰা ছিংগাপুৰলৈ ভিষ্টাৰাৰ বিমান ‘য়ূকে১১৫’ ‘ইউ কে’ ক’ড থকা অন্তিমখন আন্তঃৰাষ্ট্ৰীয় বিমান হোৱাৰ বিপৰীতে মুম্বাইৰ পৰা দিল্লীলৈ যোৱা ‘য়ূকে৯৮৬’ বিমানখন আছিল অন্তিমখন ঘৰুৱা বিমান। আচলতে সোমবাৰে নিশা এয়াৰ ইণ্ডিয়াৰ সৈতে বিস্তাৰাৰ একত্ৰীকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ