চাউথ ইণ্ডিয়ান বেংকক ৫৯.২০ লাখ টকাৰ জৰিমনা আৰ বি আইৰ
নতুন দিল্লী, ০৯ নৱেম্বৰ (হি.স.)। দক্ষিণ ইণ্ডিয়ান বেংকক ৫৯.২০ লাখ টকাৰ জৰিমনা বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। ‘জমা ধনৰ সুতৰ হাৰ’ আৰু ‘বেংকত গ্ৰাহক সেৱা’ৰ কিছু নিৰ্দেশনা মানি চলাৰ বাবে আৰ বি আইয়ে বেংকটোৰ ওপৰত এই শাস্তি আৰোপ কৰিছে। আৰ বি আইয়ে এক বিবৃত
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ল'গ'ৰ ফাইল ফটো


নতুন দিল্লী, ০৯ নৱেম্বৰ (হি.স.)। দক্ষিণ ইণ্ডিয়ান বেংকক ৫৯.২০ লাখ টকাৰ জৰিমনা বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। ‘জমা ধনৰ সুতৰ হাৰ’ আৰু ‘বেংকত গ্ৰাহক সেৱা’ৰ কিছু নিৰ্দেশনা মানি চলাৰ বাবে আৰ বি আইয়ে বেংকটোৰ ওপৰত এই শাস্তি আৰোপ কৰিছে।

আৰ বি আইয়ে এক বিবৃতিত কয় যে ‘জমা ধনৰ সুতৰ হাৰ’ আৰু ‘গ্ৰাহক সেৱা’ৰ সৈতে জড়িত নিয়ম উলংঘা কৰাৰ বাবে দক্ষিণ ইণ্ডিয়ান বেংকক ৫৯.২০ লাখ টকাৰ জৰিমনা বিহিছে। বেংক নিয়ন্ত্ৰকৰ তদন্তত দেখা গৈছে যে বেংকে একাংশ গ্ৰাহকক উপযুক্ত জাননী অবিহনে নূন্যতম একাউণ্টৰ বেলেঞ্চ ৰক্ষা নকৰাৰ বাবে শাস্তি প্ৰদান কৰিছিল আৰু কিছুমান এন আৰ ই চেভিংছ একাউণ্টত লিয়েন ভুলকৈ চিহ্নিত কৰিছিল।

ৰিজাৰ্ভ বেংকে ২০২৩ চনৰ ৩১ মাৰ্চলৈকে বেংকটোৰ বিত্তীয় অৱস্থাৰ সন্দৰ্ভত তত্বাৱধায়ক মূল্যায়নৰ বাবে বিধিগত পৰিদৰ্শন চলাইছিল। আৰ বি আইৰ নিৰ্দেশনা আৰু আনুষংগিক চিঠিপত্ৰ অমান্য কৰাৰ ভিত্তিত চাউথ ইণ্ডিয়ান বেংকলৈও জাননী জাৰি কৰা হয়। ব্যক্তিগত শুনানিৰ সময়ত কেন্দ্ৰীয় বেংকৰ জাননী আৰু মৌখিক দাখিলৰ প্ৰতি বেংকৰ সঁহাৰি বিবেচনা কৰাৰ পিছতে বেংকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য বুলি বিবেচনা কৰি আৰ বি আইয়ে আৰ্থিক শাস্তি প্ৰদান কৰিছে।

আৰ বি আইয়ে কয় যে বেংকৰ ওপৰত এই শাস্তি বিধিগত আৰু নিয়মাৱলী পালনৰ অভাৱৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। বেংকে গ্ৰাহকৰ সৈতে কৰা কোনো লেনদেন বা চুক্তিৰ বৈধতাক প্ৰভাৱিত কৰাৰ উদ্দেশ্য নহয়।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande