গুৱাহাটী, ০৩ নৱেম্বৰ (হি.স.)। মহানগৰীৰ শিলপুখুৰী ৰাজহুৱা নামঘৰৰ উদ্যোগত অসমৰ অগ্ৰণী কৰ্কট ৰোগৰ লগত জড়িত অগ্ৰণী প্ৰতিষ্ঠান দীপশিখা ফাউণ্ডেশ্যন আৰু নৰ্থ ইষ্ট কেন্সাৰ হস্পিতালৰ সহযোগত এক কৰ্কট ৰোগৰ সজাগতা শিবিৰ আৰু বিনামূলীয়া মেম'গ্ৰাফী পৰীক্ষা অনুষ্ঠিত হয়।
উক্ত সজাগতা সভাত ৪০ ৰ উৰ্ধৰ প্ৰায় ৫০ গৰাকী মহিলাৰ মেম'গ্ৰাফী কৰা হয়। উক্ত সজাগতা সভাত নৰ্থ ইষ্ট কেন্সাৰ হচপিটেলৰ অধ্যক্ষ গণেশ তামুলী, ডা: সত্যেন চৌধুৰী, ড: ৰাজ চাং কাকতি, ড: জুৰি বৰগোহাঁই, মৃন্ময়ী গোস্বামী, কুশল কুমাৰ শৰ্মা ,মনিকা গোস্বামী, বিশ্ব কুমাৰী শইকীয়া আদি উপস্থিত থাকে। উক্ত অনুষ্ঠানত অভিজ্ঞ চিকিৎসক সকলে বিভিন্ন মহিলাৰ বিভিন্ন প্ৰশ্নৰ যথাযথ উত্তৰ দিয়ে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী