ক্ষেত্ৰীত চোৰৰ বিলৈ– এৰি গ'ল লাখটকীয়া স্কুটী
ক্ষেত্ৰীত চোৰৰ বিলৈ– এৰি গ'ল লাখটকীয়া স্কুটী
ক্ষেত্ৰীত চোৰৰ বিলৈ,, এৰি গ'ল লাখটকীয়া স্কুটী


ক্ষেত্ৰীত চোৰৰ বিলৈ,, এৰি গ'ল লাখটকীয়া স্কুটী


কামৰূপ, ২২ অক্টোবৰ (হি.স.)। ডিমৰীয়া সমজিলাৰ ক্ষেত্ৰীত এটা চোৰে চুৰ কৰিব লতি ঘতিৰ আহি সন্মুখীন হয় । চুৰ কৰিব আহি ৰাইজৰ হাতত ধৰা পৰা আগতে পলায়ন কৰি এৰি থৈ যায় এখন নম্বৰ প্লেট বিহীন নতুন স্কুটী। ডিমৰীয়া সমজিলাৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত পশ্চিম উলনীত যোৱা নিশা সংঘটিত হয় এই ঘটনা।

জানিব পৰামতে, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এখন দোকানত চুৰি কৰিব আহি এটা চোৰে দোকানৰ তলা ইটাৰে ভঙাৰ চেষ্টা কৰি থকাৰ সময়তে স্থানীয় এজন লোকে প্ৰত্যক্ষ কৰে । লোকজনে হৈ-চৈ কৰাত ৰাইজ একলগ হোৱাৰ পূৰ্বে চোৰটোৱে উৱাদিহ নাপাই দোকানৰ সামগ্ৰী চোৰ কৰাৰ আশা ত্যাগ কৰি পলায়ন কৰে।

ৰাইজৰ ৰোষত পৰাৰ ভয়ত পলায়ন কৰা চোৰটোৱে চেণ্ডেলসহ এখন নতুন নম্বৰ প্লেট বিহীন স্কুটীও এৰি থৈ যায় ঘটনাস্থলীত। পিছত বিষয়টো আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত ক্ষেত্ৰী আৰক্ষী উপস্থিত হৈ চুৰে এৰি থৈ যোৱা স্কুটীখন থানালৈ লৈ যায়।

চোৰ কৰিব আহি নিজৰ লাখটকীয়া স্কুটীৰ মোহ এৰি পলায়ন কৰা চোৰটোৰ অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande