ডিমৰীয়াৰ হঁহৰাত নৃশংস হত্যাকাণ্ড
ডিমৰীয়াৰ হঁহৰাত নৃশংস হত্যাকাণ্ড l
ডিমৰীয়াৰ হঁহৰাত নৃশংস হত্যাকাণ্ড


কামৰূপ, ২১ অক্টোবৰ (হি.স.): কামৰূপ জিলাৰ ডিমৰীয়াৰ হঁহৰাত এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে l ভিনিয়িহেকৰ চুৰিকাঘাতত প্ৰাণ গ'ল খুলশালীৰ। হত্যাকাণ্ডৰ বলি হোৱা লোকজনৰ নাম ধৰ্মেন্দ্ৰ মেধি বুলি জানিব পৰা গৈছে। ভিনিহিয়েক ডিম্বেশ্বৰ বনিয়াই শনিবাৰে মাজনিশা সামান্য কথাতে বাদানু-বাদত লিপ্ত হৈ চুৰিৰে হানি-খুচি নৃশংস ভাৱে হত্যা কৰে খুলশালী ধৰ্মেন্দ্ৰ মেধিক।

উল্লেখ্য় যে ধৰ্মেন্দ্ৰ মেধিৰ গৃহৰ চোতালতেই সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। ব্যৱসায়সূত্ৰে ধৰ্মেন্দ্ৰ মেধিৰ ঘৰৰ চৌহদতে অন্য এটা কোঠালীত বাস কৰিছিল হত্যাত অভিযুক্ত ডিম্বেশ্বৰ বনিয়া। কালি নিশা দুই ভিনিহি-খুলশালীয়ে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা একেলগে ঘৰলৈ আহি সামান্য কথাতে তৰ্কা-তৰ্কিত লিপ্ত হৈ ভিনিহিয়েক ডিম্বেশ্বৰ বনিয়াই নৃশংস ভাৱে চুৰিৰে আক্ৰমণ কৰে খুলশালী ধৰ্মেন্দ্ৰ মেধিক। ফলত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দি চিকিৎসালয়লৈ লৈ যদিও চিকিৎসালয়ত মৃত্যু হয় ধৰ্মেন্দ্ৰ মেধিৰ। নিশাই ঘটনাস্থলীত সোণাপুৰ আৰক্ষী উপস্থিত হৈ হত্যাত অভিযুক্ত ডিম্বেশ্বৰ বনিয়াক আটক কৰে।

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে সোণাপুৰ আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande