কোকৰাঝাৰ ভোটগাঁৱত নৃশংস হত্যা কাণ্ড
কোকৰাঝাৰ ভোটগাঁৱত নৃশংস হত্যা কাণ্ড।
কোকৰাঝাৰ ভোটগাঁৱত নৃশংস হত্যা কাণ্ড


কোকৰাঝাৰ, ২২ অক্টোবৰ (হি.স.): কোকৰাঝাৰ ভোটগাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ। এই ঘটনা সংঘটিত হয় কোকৰাঝাৰ ভোটগাঁৱত।

জানিব পৰা মতে যোৱাকালি সোমবাৰে নিশা প্ৰায় ১ বজাত পত্নী মৰ্জিনা বিবি আৰু তেওঁৰে ভাতৃ মস্তফা আলীয়ে মিলি নৃশংস ভাবে হত্যা কৰে নিজৰ স্বামী বুলুউদ্দিন প্ৰামাণিকক। ইফালে আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ হত্যা কাৰী মৰ্জিনা বিবি আৰু মস্তফা আলীক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে। ইপিনে ক্ষুদ্ধ লোকসকলে হত্যা কাৰী মৰ্জিনা বিবি আৰু মস্তফা আলীক ফাঁচি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande