জুৰীয়াৰ নিজজুৰীয়া গাঁৱত গৰু চোৰ আটক
জুৰীয়াৰ নিজজুৰীয়া গাওঁত গৰু চোৰ আটক।
জুৰীয়াৰ নিজজুৰীয়া গাঁৱত গৰু চোৰ আটক


নগাঁও, ২২ অক্টোবৰ (হি.স.): নগাঁও জিলাৰ জুৰীয়াৰ নিজজুৰীয়া গাঁৱত গৰু চোৰ কৰিব আহি কুকুৰৰ বাবেই ৰাইজৰ জালত পৰিল এটা চোৰ। যোৱাকালি সোমবাৰে নিশা প্ৰায় ডেৰ মান বজাত নিজজুৰীয়া গাঁৱৰ ছহিদুল ইছলাম নামৰ লোকজনৰ ঘৰত গৰু চুৰি কৰিবলৈ আহি ধৰা পৰে চোৰটো।

চোৰে গৰু লৈ উধাও হ’ব ধৰোতে কুকুৰৰ মাতত গৃহস্থৰ টোপনি ভাঙে আৰু গৃহস্থৰ চিঞৰ বাখৰত ৰাইজে কৰায়ত্ত কৰে চোৰটোক।ইতিমধ্যে ৰাইজে উত্তম মধ্যম সোধাই ধৃত চোৰটোক জুৰীয়া আৰক্ষীক গতাই দিয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande