দুৰ্গা পূজাৰ সময়ত নিৰুদ্দেশ হোৱা শিশুৰ মৃতদেহ নদীত উদ্ধাৰ
তিনিচুকীয়া, ১৪ অক্টোবৰ (হি.স.)। দুৰ্গা পূজা উৎসৱৰ সময়ত নিৰুদ্দেশ হোৱা এটি শিশুৰ মৃতদেহ আজি মাৰ্ঘেৰিটাত নদীৰ পৰা উদ্ধাৰ কৰা হয়। সোমবাৰে মাৰ্ঘেৰিটাৰ সমীপৰ বুঢ়ীদিহিং নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় পাঁচ বছৰীয়া শিশুৰ মৃতদেহ। যোৱা চাৰিদিন ধৰি শিশুটি
দুৰ্গা পূজাৰ সময়ত নিৰুদ্দেশ হোৱা শিশুৰ মৃতদেহ নদীত উদ্ধাৰ


তিনিচুকীয়া, ১৪ অক্টোবৰ (হি.স.)। দুৰ্গা পূজা উৎসৱৰ সময়ত নিৰুদ্দেশ হোৱা এটি শিশুৰ মৃতদেহ আজি মাৰ্ঘেৰিটাত নদীৰ পৰা উদ্ধাৰ কৰা হয়। সোমবাৰে মাৰ্ঘেৰিটাৰ সমীপৰ বুঢ়ীদিহিং নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় পাঁচ বছৰীয়া শিশুৰ মৃতদেহ। যোৱা চাৰিদিন ধৰি শিশুটি নিৰুদ্দেশ হৈ আছিল।

নিহত শিশুটি অভিমন্যু চক্ৰৱৰ্তী বুলি চিনাক্ত কৰা হৈছে। শুকুৰবাৰে পুৱাৰে পৰা স্থানীয় দুৰ্গা পূজা উদযাপনৰ সময়ত সন্ধানহীন হৈ আছিল শিশুটি। কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত মাৰ্ঘেৰিটা আৰক্ষীয়ে নদীৰ পৰা উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহটো। মৃত্যুৰ কাৰণ জানিবলৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মাৰ্ঘেৰিটাৰ ৪ নং লাজুম ৱাৰ্ডৰ ককাদেউতাক সত্যজিৎ ভট্টাচাৰ্যৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল অভিমন্যু।`

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande