গুৱাহাটী, ০১ অক্টোবৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ কৰ্মচাৰী বৃন্দই দেশজুৰি স্বচ্ছতা হি সেৱা ২০২৪ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে, যাৰ জৰিয়তে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পৰিৱেশ ৰক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। ১৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই অভিযানটো ২ অক্টোবৰলৈকে চলিব, যি স্বচ্ছ ভাৰত অভিযানৰ দশম বাৰ্ষিকী উদযাপন কৰাৰ লগতে জাতিৰ পিতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ জৰিয়তে স্বচ্ছ ভাৰত দিৱস অৰ্থাৎ ২ অক্টোবৰত সামৰণি পৰিব।
এই বছৰৰ বিষয়বস্তুস্বভাৱ স্বচ্ছতা - সংস্কাৰ স্বচ্ছতাৰ দ্বাৰা সমগ্ৰ দেশতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষেত্ৰত ব্যক্তিগত দায়বদ্ধতা আৰু সামূহিক পদক্ষেপৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বিচৰা হৈছে। সঠিক পৰিচ্ছন্নতাৰ পালন, মুকলিত মল ত্যাগৰ পৰা বিৰত থাকিবলৈ আৰু ষ্টেচন আৰু ৰে'লপথ পৰিষ্কাৰ ৰখাৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ বাবে এই অভিযান আৰম্ভ কৰা হৈছে। প্ৰথম দিনাৰে পৰাই ৰে'লৱে কলনী, কৰ্মস্থান আৰু ষ্টেচন চৌহদত ৰে'ল কৰ্মচাৰী, তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু যাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়।
উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ত ১৬ ছেপ্টেম্বৰ তাৰিখে স্বচ্ছতা অভিযান স্বচ্ছতা শপতৰ সৈতে আৰম্ভ কৰা হয় য'ত সকলো বিভাগৰ শীৰ্ষস্থানীয় মুৰব্বীসকল আৰু কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। এই উপলক্ষ্যে গুৱাহাটী ৰেল ষ্টেচনত এটা চাফাই মিত্ৰ সুৰক্ষা শিবিৰৰ আয়োজন কৰা হয় য'ত সুৰক্ষা উপকৰণৰ সৈতে পিপিই কিটসমূহ চাফাই মিত্ৰসকলক বিতৰণ কৰা হয়। শিবিৰৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ তথ্য তেওঁলোকক অৱগত কৰা হয়। ছাফাই মিত্ৰ সুৰক্ষা শিবিৰৰ সন্দৰ্ভত নিউ তিনিচুকীয়া, ডিব্ৰুগড় টাউন, ৰঙিয়া আৰু ডিব্ৰুগড়ৰ মাণ্ডলিক ৰে'লৱে চিকিৎসালয়ত ছাফাই মিত্ৰৰ বিভিন্ন স্বাস্থ্য পৰীক্ষা শিবিৰ স্থাপন কৰা হয়। উত্তৰ পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ আৰু এই ৰেলৱেৰ পৰিয়ালবৰ্গৰ সদস্যসকলৰ সৈতে অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গই ১৯ ছেপ্টেম্বৰত মালিগাঁও অফিচাৰ্ছ কলনিৰ পৰা ৰে'লৱে ষ্টেডিয়ামলৈ ৱাকাথনত অংশগ্ৰহণ কৰে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ সমগ্ৰ মণ্ডলতে স্বচ্ছ ৰেল, স্বচ্ছ ভাৰত শ্লোগানেৰে ৱাকাথন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। স্বচ্ছ পৰিৱেশৰ সৈতে স্বাস্থ্যসন্মত জীৱন ধাৰণক উৎসাহিত কৰিবলৈ স্বচ্ছতাহি সেৱা ২০২৪ উপলক্ষে সকলো মণ্ডলতে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
উত্তৰ পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ আৰু উত্তৰ পূব সীমান্ত ৰে'লৱে (নিৰ্মাণ)ৰ মহাপ্ৰৱন্ধক অৰুণ কুমাৰ চৌধাৰীয়ে স্বচ্ছতা হি সেৱা ২০২৪ অভিযানৰ অংশ হিচাপে এক পেড় মা কে নাম পদক্ষেপৰ অধীনত মালিগাঁৱত এক বৃক্ষৰোপণ অভিযানৰ সময়ত আন জ্যেষ্ঠ বিষয়াবৰ্গক নেতৃত্ব প্ৰদান কৰে। এই অভিযানৰ এক উদ্যোগ হিচাপে আৱৰ্জনাৰ পৰা কলালৈ ধাৰণাৰ প্ৰচাৰৰ অৰ্থে গুৱাহাটী ষ্টেচনত পুনৰ্ব্যৱহাৰ যোগ্য প্লাষ্টিক আৱৰ্জনাৰ পৰা নিৰ্মিত সামগ্ৰীৰ বিক্ৰীৰ আয়োজন কৰা হয়। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত জনসাধাৰণক সংবেদনশীল কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰে'লৱেৰ ৰে'লৱে কলনীসমূহতো ঘৰে ঘৰে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে সজাগতা আৰু আৱৰ্জনা সংগ্ৰহ অভিযান চলোৱা হয়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী