
বৰপেটা, ১৬ ডিচেম্বৰ (হি.স.)। বৰপেটাত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰে মহিলাসকলৰ মাজত ১০,০০০ টকীয়া চেক।মহিলা উদ্যমিতা আচঁনিৰ অধীনত মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ প্ৰয়াসেৰে বৰপেটাত প্ৰায় ২০ হাজাৰ মহিলাৰ মাজত এই চেক বিতৰণ কৰে ।চেক বিতৰণ কৰি মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় কংগ্ৰেছে লুঙী-ধূতি বিতৰণ কৰিছিল।এতিয়া বিজেপি চৰকাৰে সকলোকে সমানে আগবাঢ়িব পৰাকৈ আচঁনি হাতত লৈছে।ইয়াৰ পিছতে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ৰাজ্যৰ অতি জৰুলী স্বাস্থ্যসেৱা আগবঢ়োৱা ১০৮ কৰ্মচাৰীয়ে বিগত ১৬ দিনে নাখায় নলয় প্ৰতিবাদ কৰি থকা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়-- ১০৮ বিভাগটো এটি ব্যক্তিগত খণ্ডই চলাই আছে।
আৰু সেই কোম্পানীটো অহা এপ্ৰিলতে সলনি হব।ইয়াৰ লগতে জুবিন গাৰ্গৰ গোচৰ ছিংগাৰ আদালততো চলি আছে তাৰ সামন্তৰালভাৱে অসমতো চলি আছে বুলি সাংবাদিকে কোৱা কথাৰ প্ৰসংগ টানি মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়-ছিংগাপুৰৰ আদালততকৈ ভাৰতৰ আদালত বহু ওপৰত। ভাৰতৰ পৰা আৰক্ষী ছিংগাপুৰলৈ গৈছে কিন্তু ছিংগাপুৰ আৰক্ষীয়ে অসমলৈ তদন্তৰ বাবে অহা নাই। ইপিনে বিহাৰতকৈ অসমৰ অৱস্থা বেয়া হব বুলি এ আই ইউ ডি এফ ৰ সভাপতি বদৰুদ্দিন আজমলে কোৱা কথাৰ প্ৰসংগ টানি মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- বিহাৰত একেখন ইন'ভা কাৰত উঠি কংগ্ৰেছৰ আটাইকেইজন বিধায়ক ঘুৰি ফুৰে। বিবাৰৰতকৈও অসমত কংগ্ৰেছৰ অৱস্থা বেয়া হবও পাৰে। বৰপেটাত এইদৰে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা সকলৰ মাজত মহিলা উদ্যমিতা আচঁনিৰ চেক বিতৰণ কৰি ৰাজ্যৰ ১০৮ ৰ হেজাৰ হেজাৰ কৰ্মচাৰীৰ প্ৰতিবাদ, কংগ্ৰেছৰ অসমত স্থিতি আৰু জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ