বৰপেটা বিধান সভা সমষ্টিৰ ২০,৩৩৭ গৰাকী মহিলাক দিয়া হল মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ চেক
বৰপেটা, ১৬ ডিচেম্বৰ (হি.স.)। বৰপেটাত ২০,৩৩৭ গৰাকী মহিলাই সপোন দেখিলে লাখপতি হোৱাৰ। আজি বৰপেটাত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰপেটাত বিতৰণ কৰে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ চেক। বৰপেটা বিধান সভা সমষ্টিৰ ২০,৩৩৭ গৰাকী মহিলাক দিয়া হল
বৰপেটা বিধান সভা সমষ্টিৰ ২০,৩৩৭ গৰাকী মহিলাক দিয়া হল মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ চেক


বৰপেটা, ১৬ ডিচেম্বৰ (হি.স.)। বৰপেটাত ২০,৩৩৭ গৰাকী মহিলাই সপোন দেখিলে লাখপতি হোৱাৰ। আজি বৰপেটাত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰপেটাত বিতৰণ কৰে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ চেক। বৰপেটা বিধান সভা সমষ্টিৰ ২০,৩৩৭ গৰাকী মহিলাক দিয়া হল মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ চেক। বৰপেটা পৌৰসভাৰ খেল পথাৰত আজি লাখপতি বাইদেউ হোৱাৰ সপোন লৈ এইদৰে সমাবেশেৰে ভিৰ কৰিলে আত্ম সহায়ক গোটৰ মহিলাই।

বৰপেটা সমষ্টিৰ ভিন্ন প্ৰান্তৰ পৰা পুৱাৰে পৰা আহি বৰপেটা পৌৰসভাৰ খেল পথাৰত ভীৰ কৰে এই সকল মহিলাই। এইদৰে কোচত পানী কেঁচুৱা লৈ লাখপতি বাইদেউৰ সপোন পুৰাবলৈ মুখ্যমন্ত্ৰীৰ সভাত পৰ দি থাকিল এই সকল মহিলা। মুখ্যমন্ত্ৰীয়ে সভাস্থলীত উপস্থিত হৈ মহিলা সকলৰ বিভিন্ন আঁচনিৰ বিষয়ে কোৱাৰ লগে লগে এক জানুৱাৰীত অৰুণোদয় পোৱা মহিলাৰ ভাল খৱৰ আছে বুলি মন্তব্য কৰে। ইপিনে বেছি সন্তান জন্ম দিয়া আৰু বহু বিবাহ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কলে এইদৰে। আনহাতে বৰপেটাৰ মথুৰাদাস বুঢ়া আতাৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ ২০২৭ চনত অসমলৈ অনা হব বুলিও মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইপিনে ১০৮ কৰ্মচাৰীৰ বিক্ষোভ সম্পৰ্কত এইটো এক ব্যক্তিগত কোম্পানীৰ বিষয় বুলি মন্তব্য প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande