
নগাঁও, ১৬ ডিচেম্বৰ (হি.স.)। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত চালনাবৰী, ভেৰভেৰী বিল, টুকটুকী, আহোম গাওঁ, কটহগুৰি, ৰৌমাৰী বিল, গেৰেকনি, মৈৰাধ্বজ , মাগুৰমাৰী বিলত উচ্ছেদ অভিযান আৰম্ভ হয়। বটদ্ৰৱা আৰু ধিং মৌজাৰ অন্তৰ্গত বিলত বিগত বছৰ বছৰ ধৰি একাংশ দুস্কৃতিকাৰী লোকে ভেটা দি মাছ পালন কৰি বেদখল কৰিছিল। বিলৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড আলি দি পুখুৰী খন্দাৰ পৰিপেক্ষিতত বিলখন বৈ যোৱাত বাধাৰ সৃষ্টি হৈছিল।
বিল সমূহত বেদখল মুক্ত কৰিবলৈ দীৰ্ঘদিন ধৰি বিভিন্ন স্থানীয় দল সংগঠনে দাবী তুলি আহিছিল। যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ তৰফৰ পৰা সমগ্ৰ ৰাজ্যত চলি থকা বেদখলকৃত ভূমি উদ্ধাৰ অভিযানৰ অংশ হিচাপে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উচ্চেদ অভিযান আৰম্ভ হয়। ইতিমধ্যে যোৱা জুলাইত ধিং ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ পৰা সময়সীমা বান্ধি দি উচ্চেদৰ জাননী জাৰি কৰা হৈছিল। আজি পুৱাই উচ্চেদৰ বাবে শ শ জোৱান সহ নগাঁও জিলা প্ৰশাসনৰ বিষয়া জোৱান সকল সাজু হৈ কুচকাৱাজ কৰাৰ অন্তত শ্ৰমিকৰ জড়িয়তে দা, কোৰ আদি লৈ উচ্ছেদ অভিযান আৰম্ভ কৰে।
ইফালে বুলড'জাৰ, জেচিবি লৈ উচ্ছেদ কৰাৰ পৰিবৰ্তে শ্ৰমিকৰ দ্বাৰা দা, কোৰ লৈ উচ্ছেদ কৰাৰ লৈ অসন্তুষ্ট হৈ পৰে স্থানীয় ৰাইজ। পৰবৰ্তী সময়ত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত হৈ কাইলৈ ফগলেন(foglan)ৰ দ্বাৰা উচ্চেদ চলাই সকলো পুখুৰীৰ পাৰ ভাঙি দিয়া হব বুলি প্ৰকাশ কৰাৰ লগতে আমাৰ এই অভিযান চলি থাকিব। পুখুৰী সমূহৰ পাৰ ভাঙি আমি বিল সমূহ বোৱাই নিয়া ব্যৱস্থা কৰিম। যি সকল ব্যক্তিয়ে পথৰ দাঁতিৰ চৰকাৰী ভূমিত পুখুৰী খান্দি মাছ পালন কৰি পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি আনিছে। তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা